জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav
gulliver travels

জনাথন ছুইফটৰ গালিভাৰ ট্ৰেভেলচ

মানুহ কল্পনা প্রাণ অর্থাৎ মানুহে কল্পনা কৰি ভাল পায়। মানুহৰ কল্পনাই সকলো সীমাকে চেৰাই যায়। এইক্ষেত্ৰত অৱশ্যে লেখকসকলৰ কথা সুকীয়া। লেখকসকলে নিজৰ চিন্তা কল্পনাৰ দ্বাৰা মৌলিক কাহিনীসমূহ ৰচনা কৰি আহিছে। কেতিয়াবা লেখকসকলৰ কল্পনাই বাস্তৱৰ পৰিধি ভাঙি অবাস্তৱত প্ৰৱেশ কৰে আৰু অসম্ভৱ যেন লগা কার্যকে বাস্তৱ মনোগ্রাহী তথা আনন্দদায়ক কৰি পাঠক সমাজলৈ আগবঢ়াই দিয়ে আৰু পাঠক সমাজেও তাক আকোঁৱালি লয়।

ইংৰাজী সাহিত্যৰ তেনে এজন মহান লেখকেই হৈছে জনাথন চুইফট্। তেখেতৰ মহান সৃষ্টি গালিভাৰ ট্ৰেভেলচ নামৰ গ্ৰন্থখনত তেনে এক বতৰা বহন কৰিছে। এই গ্ৰন্থখনত অবাস্তৱ কাহিনীকে বাস্তৱ আৰু মনোগ্রাহীকে সজাই পৰাই বৰ্ণনা কৰাত তেখেতে চেষ্টাৰ ক্ৰটী কৰা নাই। কিতাপখনৰ শিৰোনামটোৰ অসমীয়া ভাষাৰ ৰূপান্তৰ হ’ব- গালিভাৰৰ ভ্ৰমণ কাহিনীসমূহ। গ্ৰন্থখনত লেখকে এনে কিছুমান কাল্পনিক ঠাই আৰু মানুহৰ বিষয়ে বর্ণনা কৰিছে যি বিলাকে আমাৰ মনত কৌতূহল ৰোমাঞ্চ তথা হাঁহিৰ খোবাক জন্মায়। গ্ৰন্থখন ডাঙৰ সৰু সকলোৰে বাবে উপযোগী বুলি ভবা হয়। গ্ৰন্থখনৰ মূল চৰিত্ৰটোৰ নাম গালিভাৰ। এই চৰিত্ৰটোৱে জীৱনৰ বিভিন্ন ঘটনাচক্ৰত পৰি এনে চাৰিটা দ্বীপত উপস্থিত হৈছিল যিকেইখনৰ পৰিৱেশ সম্পূৰ্ণৰূপে কাল্পনিক অর্থাৎ বাস্তৱত তেনে ঠাই আৰু মানুহৰ কোনো অস্তিত্ব নাই।

গালিভাৰ ট্ৰেভেলচ

গ্ৰন্থখনত বৰ্ণনা কৰা মতে গালিভাবে জাহাজৰ চিকিৎসকৰূপে কাম কৰিছিল। এবাৰ সাগৰীয় ধুমুহাত জাহাজখন ধ্বংসপ্রাপ্ত হয় আৰু সাগৰীয় ঢৌৱে তেখেতক এটা দ্বীপত উপস্থিত কৰাইছিল। এয়ে তেখেতৰ প্ৰথম যাত্ৰা। তেওঁ সেই দ্বীপৰ অধিবাসীসকলক দেখি আচৰিত হৈছিল কিয়নো তেওঁলোক অতি ক্ষুদ্রকায় আছিল।

অধিবাসীসকলৰ উচ্চতা মাত্র ছয় ইঞ্চিমানহে আছিল। গালিভাৰে জানিব পাৰিছিল যে দ্বীপটোক লিলিপুট বোলা হৈছিল। দ্বীপটোৰ গছ-গছনি জীৱ-জন্তু পুতলাৰ দৰে আছিল। নদীবিলাকো আছিল সৰু সৰু খালৰ দৰে। প্রথম অৱস্থাত গালিভাৰৰ দৰে বৃহৎ আকাৰৰ মানুহ দেখি অধিবাসীসকল ভয়ত কঁপি উঠিছিল। দেখাত অতি ক্ষুদ্র হলেও তেওঁলোকে কিন্তু বৰ সাহসী চতুৰ আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন আছিল। অধিবাসীসকলৰ এজন অধিপতি বা ৰজাও আছিল। ৰজাৰ নিৰ্দেশমতে তেওঁৰ থকা-খোৱাৰ সকলো সু-ব্যৱস্থা কৰা হৈছিল। ৰজাই তেওঁক শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিবলৈও বাধ্য কৰাইছিল। প্রায় ন-মাহ সময় অতিক্ৰম কৰাৰ পাছত তেওঁ অশেষ চেষ্টাৰ মূৰত সেই দ্বীপৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল।

গালিভাৰৰ দ্বিতীয়টো যাত্রাকালত এনে এটা দ্বীপত উপস্থিত হৈছিল যিটোৰ পৰিৱেশ তথা অধিবাসীসকল প্রথম দ্বীপটোৰ বিপৰীতে আছিল। সেই দ্বীপটোৰ জীৱ জন্তু তথা গছ-গছনিবোৰ বহু ডাঙৰ আছিল। তাৰ অধিবাসীসকলক একোটা প্ৰকাণ্ড দৈত্যৰ দৰেহে লাগিছিল। তেওঁলোকক ব্ৰবডিভনেভচ বোলা হৈছিল। দ্বীপটোৰ এজন কৃষকে গালিভাৰক পাই নিজৰ ঘৰলৈ লৈ গৈছিল। গালিভাৰে লক্ষ্য কৰিছিল যে সেই ঠাইৰ মেকুৰীৰ আকৃতি তিনিটা শিয়ালৰ সমানে আছিল। আনহাতে নিগনিবোৰ কোনোপধ্যে সৰু নাছিল।

এবাৰ এটা প্ৰকাণ্ড নিগনিৰ আক্ৰমণৰ পৰা তেওঁ কেনেবাকৈহে ৰক্ষা পৰিছিল। খেতিয়কজনৰ পৰিবাৰ আৰু লৰাছোৱালীবোৰে গালিভাৰৰ দৰে ক্ষুদ্রাকৃতি মানৱ দেখি কৌতূহল আৰু আনন্দত আত্মহাৰা হৈ উঠিছিল। কৃষকৰ পৰিয়ালটোৱে গালিভাৰক প্ৰদৰ্শনীৰ বস্তু নিচিনাকৈ বজাৰত প্ৰদৰ্শন কৰি বহু ধন আৰ্জন কৰিছিল। সেই দ্বীপটোৰ ৰাণীয়ে তেওঁক বহু মূল্যত কিনি ৰজাক উপহাৰ দিছিল। অৱশেষত বহুতো ঘাত প্রতিঘাত অতিক্ৰম কৰি প্ৰায় দুবছৰ কাল কটোৱাৰ পাছত নিজ দেশলৈ উলটি আহিবলৈ সক্ষম হৈছিল।

তেওঁৰ তৃতীয় আৰু চতুৰ্থ যাত্রাকালত সন্মুখীন হোৱা অধিবাসীসকল অদ্ভুত ধৰণৰ আছিল, তৃতীয় যাত্রাকালত উপস্থিত হোৱা দ্বীপৰ অধিবাসীসকলে নিজৰ মূৰবোৰ আমাৰ দৰে পোনাই থব নোৱাৰিছিল। মূৰ বিলাক হয় সোঁফালে নহয় বাওঁফালে হালি থকা বিধৰ আছিল। চকু দুটাৰ এটাই একে সময়তে ওপৰলৈ আৰু আনটোবে তললৈ দৃষ্টি নিক্ষেপ কৰিব পাৰিছিল। ভাবিলে আচৰিত নালাগেনে? পৰিধান কৰা কাপোৰত সূৰ্য্য, চন্দ্ৰ, তৰা আদিৰ চিত্ৰ অংকিত কৰি লৈছিল। আকৌ কিছুমানে বাদ্যযন্ত্ৰৰ চিত্ৰ আঁকি লৈছিল। তেনে এখন আচৰিত ঠাইত দুমাহ কাল অতিবাহিত কৰাৰ পিছত গালিভাৰ নিজৰ বাসগৃহলৈ উলটি আহিছিল।

গালিভাৰৰ অন্তিমটো যাত্রাকালত লগপোৱা অধিবাসী সকলক ইয়াহু আৰু দুইহিহিম এই দুটা ভাগত ভাগ কৰা হৈছিল। বর্ণনামতে ইয়াহু বিলাকতৈ হুইহিহিমবিলাকৰ জীৱনধাৰণৰ পদ্ধতি কিছু উন্নত আছিল। ইয়াহুবিলাক প্ৰকৃততে কুঁজা মানৱ আছিল আনহাতে হুইহিহিমবিলাক প্ৰকৃততে মানুহ নাছিল; ঘোঁৰাৰদৰে প্ৰাণীহে আছিল। গালিভাৰৰ মতে হুইহিহিমবিলাক ঘোঁৰা হ’লেও ইয়াহু অর্থাৎ কুঁজা মানৱতকৈ উচ্চ আছিল। ঘোঁৰাবিলাকৰ বাসস্থান, খাদ্যাভ্যাস, শাসন প্রণালী ইয়াহুবিলাকতকৈ শৃংখলাবদ্ধ আছিল।

মুঠতে এই গ্রন্থখনে পাঠকসকলৰ মনত নানা কৌতূহলৰ ভাৱ জগাই তোলে। পণ্ডিতসকলে এই মতত উপনীত হৈছে যে মানব সমাজক ঘোঁৰাৰদৰে প্ৰাণীৰ তলত ৰাখি জনাথন চুইফট নামৰ লেখকজনে জীবশ্রেষ্ঠ বুলি গণ্য কৰা মানুহৰ আত্মগৌৰৱ আৰু অহংকাৰক উপলুঙা তথা তুচ্চ জ্ঞান কৰিছে। উদ্দেশ্য যিয়েই নহওক, এই গ্ৰন্থখনে সকলো স্তৰৰ পাঠকক আকৰ্ষিত কৰি আহিছে আৰু আগলৈও কৰি থাকিব।

#গালিভাৰ ট্ৰেভেলচ
#Gulliver’s Travels
#Gyanodaya

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: