“শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া” এই সাৰগৰ্ভ উক্তিটো তোমালোকৰ বাবে দি গৈছিল শিক্ষাবিদ জন ডিউয়ে। শিক্ষা কাক বোলে বুলি সুধিলে তোমালোকে হয়তো ক’বা যে স্কুল কলেজৰ চাৰিবেৰৰ মাজত থাকি শিক্ষাগুৰুৰ সহায়ত এক নিৰ্দিষ্ট পাঠ্যক্ৰম আগত ৰাখি নিৰ্দিষ্ট এটা বয়সলৈকে আহৰণ কৰা জ্ঞানেই হল শিক্ষা। কিন্তু আমাৰ মহান মনীষী আৰু শিক্ষাবিদসকলে শিক্ষাৰ পৰিসৰ ইমান ঠেক দৃষ্টিভংগীৰে চোৱা নাছিল। এক নিৰ্দিষ্ট সীমাৰ ভিতৰত আবদ্ধ কৰি যোৱা নাছিল । ডামভিল নামৰ এজন শিক্ষাবিদে কৈছিল, “নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যুলৈকে ব্যক্তিৰ ওপৰত প্রভাব পেলোৱা সমস্ত অভিজ্ঞতাই শিক্ষা।” গতিকে এনে উক্তিৰ পৰাই আমি শিক্ষাৰ বহল পথাৰখনৰ বিষয়ে ইংগিত পাব পাৰো।

এই বিশাল, বিচিত্ৰ পৃথিৱীখনৰ প্ৰতি খোজতেই প্ৰতি পলতেই জীৱ শ্রেষ্ঠ মানৱে জানিব লগা, জ্ঞান অৰ্জন কৰিব লগা বহু শিক্ষাৰে ভৰি আছে। আমাৰ জীৱন সীমিত, কিন্তু তাৰ তুলনাত শিকিবলগীয়া জ্ঞানৰ সীমাসংখ্যা নাই। বিদ্যালয়, মহাবিদ্যালয়ৰ নির্দিষ্ট শিক্ষা লৈ শেষ কৰিব পাৰা কিন্তু বাহ্যিক জগত বাস্তৱ জীৱন আৰু পাৰিপাৰ্শ্বিকতাৰ পৰা লাভ কৰিব লগা জ্ঞানৰ শেষ ক’ত? শিক্ষাই জীৱন, জীবনেই শিক্ষা। জীৱনৰ বাটত আগবাঢ়োতে লাভ কৰা বিভিন্ন অভিজ্ঞতা, ঘাট-প্রতিঘাট, সুখ-দুখ, জ্বালা যন্ত্ৰণা পাওঁ এইবোৰো শিক্ষা। ক’ৰবাত ফুৰিবলৈ যাওঁতে তোমালোকে নেদেখা বস্তু এটা দেখি ডাঙৰক সুধি যেতিয়া উত্তৰ পালা, সিও হ’ব শিক্ষা। নজনা-নুবুজা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিলেই সিহ’ব শিক্ষা পোৱা।
শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া বুলি কোৱাৰ লগে লগে শিক্ষাৰ দ্বাৰা যে আমি প্রকৃত মানুহ অর্থাৎ সৎ চৰিত্ৰ, সুৰুচিপূর্ণ, নৈতিকতাসম্পন্ন, দায়িত্বশীল, ব্যক্তিত্বসম্পন্ন এজন নাগৰিক হ’ব পাৰিব লাগিব। ই কেৱল নিজৰ কেৰিয়াৰ গঢ়া বা এটা ভাল চাকৰিৰ বাবে যোগ্যতা অর্জন কৰাকে নুবুজায়। যি শিক্ষাই আমাৰ সুপ্ত প্রতিভা, ভাব অনুভূতি জাগ্রত কৰে, মানসিক দৃষ্টিভংগীৰ পৰিসৰ বহল কৰে, সুস্থ আৰু সম্পূর্ণ জীৱন যাপন কৰাত সহায় কৰে, চৰিত্ৰৰ সংস্কাৰ সাধন কৰে, সামাজিক জীৱনলৈ অৱদান আগবঢ়াব পাৰে, তেনে শিক্ষাহে প্রকৃত আৰু আদর্শনীয় শিক্ষা। গতিকে ইমানখিনি লক্ষ্য পূৰণ কৰিবলৈ যাওতেই শিক্ষাই আপোনা আপুনি এক নিৰৱচ্ছিন্ন অবিৰত প্ৰক্ৰিয়াৰ ৰূপ লয় ৷
বর্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উৎকৰ্ষৰ সময়ত শিক্ষাৰ পৰিধি আগতকৈ বহু গুণে ব্যাপক আৰু জটিল হৈ পৰিছে। ভাষা, সাহিত্য, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, পাৰিপাৰ্শ্বিক সকলো দিশতে নিত্য নতুন অভিজ্ঞতা অর্জন কৰি এটা সফল সৰ্বাংগসুন্দৰ জীৱনৰ গৰাকী হ’বলৈ যত্নপৰ হোৱা। জীৱনটোৱেই শিক্ষা বুলি ধৰি লৈ জীৱন বাটত ধাপে ধাপে আগবাঢ়ি যোৱা। সংকীর্ণ আৰু যান্ত্রিক দৃষ্টিৰে নাচাই শিক্ষাক সদায় মহান দার্শনিকসকলৰ দৰে চাবলৈ যত্ন কৰিবাহক।