জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav
ভবেন্দ্ৰ নাথ শইকীয়া

ড° ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ বিষয়ে জানো আহক

শিশু প্ৰেমী ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম ২০ ফেব্ৰুৱাৰী, ১৯৩২ চনত নগাঁও চহৰৰ মৌজাদাৰি পট্টীৰ এটা দুখীয়া পৰিয়ালত হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল বিদূৰ কুমাৰ শ‍ইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শ‍ইকীয়া। দেউতাক এজন খেতিয়ক আছিল।

ভবেন্দ্ৰ নাথ শইকীয়া

ভবেন্দ্ৰ নাথ শইকীয়া এজন মেধাবী ছাত্র আছিল। তেখেতে ১৯৪৮ চনত নগাঁও হাইস্কুলৰ পৰা ষ্টাসহ প্রথম বিভাগত প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫২ চনত কটন কলেজৰ পৰা পদার্থ বিজ্ঞানত বি, এচ. চি. পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫৫ চনত পদার্থ বিজ্ঞানত কলিকতাৰ প্ৰেচিডেঞ্চী কলেজৰ পৰা এম. এছ. চি. পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পাছত তেখেতে ইংলেণ্ডলৈ যাবলৈ ইচ্ছা কৰিলে। যাবলৈ ওলাল হয়, তেওঁ কিন্তু এটা ডাঙৰ বিপদত পৰিছিল। তেওঁ ইমানেই দুখীয়া আছিল যে পিন্ধিবলৈ এটা চোলা নাই। এই বিপদত তেওঁক এজন বন্ধুৱে এটা চোলা উপহাৰ দিলে। বাকীখিনি খোৱা বোৱা বহন কৰিছিল অসমৰ মুখ্যমন্ত্রীয়ে। ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ‘ইলেক্ট্রন ডিফ্ৰেকচন’ শীর্ষক গৱেষণাৰ বাবে পি. এইচ. ডি. ডিগ্রী লাভ কৰে।

তেখেত দুখন আলোচনীৰ সম্পাদক আছিল। প্রান্তিক আৰু শিশু আলোচনী সফুঁৰা। তেখেতে গল্পও লিখিছিল। তাৰ ভিতৰত আছিল প্ৰহৰী, বৃন্দাবন, তৰংগ আদি। উপন্যাস অন্তৰীপ, ৰম্যভূমি আদি। তেখেতে শিশুৰ বাৰে শিশু সাহিত্য – মৰমৰ দেউতা, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট, তোমালোকৰ ভাল হওক (প্রবন্ধ) আদি লিখি থৈ গৈছে। তেওঁৰ আত্মজীৱনী – জীৱন বৃত্ত, নাটক – ৰামধেনু, দীনবন্ধু আদি। তেখেতৰ চিনেমাসমূহ – অনির্বাণ, ইতিহাস, সন্ধ্যাৰাগ আদি। তেওঁ এজন প্ৰৱন্ধ লেখকো আছিল। প্রান্তিকৰ শেষ পৃষ্ঠাত তেওঁ প্ৰৱন্ধ লিখিছিল।

তেখেতে ‘শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষৰ আসনত আছিল। তেখেতে শ্ৰীমন্ত শংকৰদেৱ বঁটা, মুকুন্দ কাকতি বঁটা আদি লাভ কৰিছিল। তেখেতে শিশুৰ বাবে শিশু কল্যাণ ন্যাস ‘আৰোহন’ নিৰ্মাণ কৰি থৈ গৈছে।

এইজনা মহান সাহিত্যক, বৈজ্ঞানিক, চলচ্চিত্র নির্মাতা, পৰিচালক, ঔপন্যাসিক, গল্পকাৰ আৰু শিশু প্রেমী ব্যক্তিজনৰ ২০০৩ চনৰ ১৩ আগষ্টত মৃত্যু হয়।

#ভবেন্দ্ৰ নাথ শইকীয়া
#Bhabendra Nath Saikia
#Gyanodaya

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: