তোমাৰ অভাৱ পূৰাবৰ কাৰণে যিখিনি ধন আবশ্যক হয় তাতকৈ সৰহ খৰচ নকৰিবা। অবাবত ধন অপব্যয় কৰি তোমাৰ অভিভাৱকৰ মনত কষ্ট নিদিবা। তুমি বেয়া পোৱা বুলি তোমাৰ অভিভাৱকে ধনৰ অপব্যয়ত বাধা নিদিবও পাৰে, তুমি সদায়ে তেওঁলোকৰ আয়লৈ চাই ব্যয় কৰিবা। তোমাৰ অপৰিহাৰ্য্য বস্তুৰ বাহিৰে আন বস্তুৰ কাৰণে ধন খৰচ নকৰিবা। যি বস্তুৰ ব্যৱহাৰে তোমাৰ শাৰীৰিক, মানসিক বা নৈতিক আৰু শক্তি সৌন্দর্য সাধনাত কোনো উৎকর্ষ নজন্মায়, বৰং অৱনতিহে ঘটায় তেনে বস্তুৰ ব্যৱহাৰেই বিলাসিতা। বিলাসিতা যিমানদূৰ পাৰা বৰ্জন কৰিবা।

অভ্যাস : মানুহৰ মনৰ কিছুমান প্রবৃত্তি আছে, সেইবোৰে মনক সদায় বিপথগামী কৰাৰ চেষ্টাত থাকে; সেইবোৰকে সাধাৰণ কথাত ছয়ৰিপু বোলে। মনৰ কুমলীয়া অৱস্থাত এই ৰিপুবোৰে মানুহক বশীভূত কৰিবলৈ ছল পায়। এই ৰিপুবোৰ সুসংযত কৰিব নোৱাৰিলে মানুহৰ মনুষ্যত্ব বিকাশৰ সুবিধা নহয় আৰু জীৱনত কোনো উচ্চ আদর্শ সাধন কৰিব নোৱাৰে। এই ৰিপুবোৰৰ বশী ভূত হ’লে মানুহ অকর্মণ্য, ৰোগক্লিষ্ট, ভীৰু, কাপুৰুষ আৰু চৰিত্ৰহীন হয়।
মন সুদৃঢ় কৰিব পাৰিলে ইহঁতে বল কৰিব নোৱাৰে। মন স্বভাৱতে চঞ্চল আৰু ই দুৰ্ণিগ্ৰহ হ’লেও অভ্যাস আৰু ধৈৰ্য্যৰ দ্বাৰা ইয়াক সুসংযত কৰিব পাৰি। মানুহে কথাতেকয় – “অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।” অভ্যাসৰ বলত মানুহে হিংস্ৰ জন্তুকো ধৰি নিৰ্জ্জু কৰিব পাৰে। অভ্যাসৰ বলতেই মানুহে সূতা এডালৰ ওপৰত চাইকেল চলায়, অভ্যাসৰ বলত অসাধ্য সাধন কৰিব পাৰি। সজ কামত অভ্যাস সজ আচৰণৰ এটি প্রধান অঙ্গ।
তুমি সূৰ্য্যোদয়ৰ লগে লগে শোৱাপাটি এৰিবলৈ অভ্যাস কৰিবা। এই অভ্যাস কৰিলে তুমি সময় বহুত পাবা, শৰীৰো নিৰোগ হ’ব।
কাম-ক্রোধ-লোভ আদি প্ৰবৃত্তিবোৰ সংযত কৰিবলৈ অভ্যাস কৰিবা, মহৎ কাম সাধন কৰিব পাৰিবা।