জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

টাইটানিকৰ কাহিনী

আয়াৰলেণ্ডৰ বিখ্যাত হেৰেল্ড এডলফ্ কোম্পানীৰ নিৰ্মাণ সংস্থা হোৱাইট ষ্টাৰ লাইনে এখন বিশাল সুদৃশ্য তথা বিলাসী জাহাজ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰে। তাৰ পাছত সেই আঁচনি বাস্তবায়িত কৰাৰ উদ্দেশ্যে বিশ্বৰ বছা বছা প্ৰযুক্তিবিদ আৰু কাৰিকৰৰ হতুৱাই ইংৰাজী ১৯০৭ চনত সেই জাহাজ নিৰ্মাণৰ কাম আৰম্ভ কৰে। সুদীর্ঘ ছয় বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰি ১৯১২ চনত প্ৰযুক্তিবিদ আৰু কাৰিকৰ সকলে ২৭৫ মিটাৰ দৈৰ্ঘ্য, ৩৫ মিটাৰ প্ৰস্থ আৰু ষাঠি হাজাৰ টন ওজনৰ এখন বিলাসী জাহাজ নিৰ্মাণ কৰে। সেই বিশাল সুদৃশ্য তথা বিলাসী জাহাজখনৰ নিৰ্মাণত কোম্পানীটোৰ খৰচ হয় ৭৫ ডলাৰ।

টাইটানিক

সেই জাহাজ খন ইমানেই ডাঙৰ আছিল যে তেতিয়াৰ দিনত তাৰ সৈতে ফেৰ মাৰিব পৰা মানৱ নিৰ্মিত কোনো যান বাহন নাছিল। নির্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত গ্ৰীক বিশ্বকর্মা নাম অনুসৰি জাহাজখনৰ নামাকৰণ কৰে ‘টাইটানিক’। জাহাজখনৰ সম্পূর্ণ নাম ৰয়েল মেল ষ্টিমাৰ টাইটানিক। বিশাল আৰু অতুলনীয় হোৱাৰ হেতুকে টাইটানিকৰ বিজ্ঞাপনত কোম্পানিটোৱে ঘোষণা কৰে ‘দি বিগেষ্ট ক্রিয়েচন অফ মেন ইজ অনদি মুভ’।

টাইটানিকৰ ওজন আছিল প্রায় ছয় হেজাৰ টন। বিশাল জাহাজখন পানীত ওপঙাই ৰাখিবলৈ ষোলটা এয়াৰ চেম্বাৰ নিৰ্মাণ কৰা হৈছিল। তেতিয়া টাইটানিকৰ গতিবেগ আছিল বাইচ নতিকেল মাইল প্রতিঘন্টাত। টাইটানিকৰ প্ৰথম আৰম্ভণিতে নিউয়ৰ্ক নামৰ যাত্রীবাহী জাহাজত খুন্দা মাৰে যদিও এই বিপদৰ পৰা ৰক্ষা পৰে। সেইদিনটো টাইটানিকে সফলতাৰে কটায়। ১৯১২ চনৰ ১৪ এপ্ৰিলত টাইটানিকে আটলান্টিক মহাসাগৰ খন পাৰ হ’ব খোজোতে সোফালৰ অংশটো আইচবাৰ্গৰ সৈতে খুন্দা মাৰে।

যাত্ৰীসকল আনন্দত বিভোৰ হৈ থকা বাবে কোনেও গম নাপলে। বৰফত খুন্দা মৰাৰ ফলত টাইটানিকৰ একেবাৰে তলৰ তীখাৰ পাট ফাটি যায়। সেইফালেদিয়েই তীব্রবেগেৰে জাহাজৰ ভিতৰলৈ পানী সোমাই আহিল। যাত্ৰীসকলৰ বহুতেই ইয়াৰ সম্ভেদ নাপালে। টাইটানিকৰ হেৰেল্ড এণ্ডলফে নিজ চকুৰে পানী দেখি ডেৰ ঘন্টাৰ ভিতৰতে দা বিগেষ্ট ক্রিয়েচন অফ মেন ডুব যাব বুলি কোৱাত যাত্রীসকলে ভয়তে থত্মত্ খালে।

কেপ্তেইন স্মিথে টাইটানিকত থকা মাত্র ষোল্ল লাইফ বোট আৰু চাৰিখন কেনভাছ পানীত নমাবলৈ নির্দেশ দিলে। সেই দুর্ঘটনাত প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ ৯৭ শতাংশ মহিলা আৰু ৩৪ শতাংশ পুৰুষ, দ্বিতীয় শ্ৰেণীৰ যাত্ৰীসকলফ ৮৪ শতাংশ মহিলা আৰু ১৮ শতাংশ পুৰুষ, তৃতীয় শ্ৰেণীৰ ৫৫ শতাংশ মহিলা আৰু ১২ শতাংশ পুৰুষক লাইফবোটত তোলা হয়। বাকীসকলে স্থানৰ অভাৱত জাহাজতে ৰৈ যায়৷ ফলত জাহাজৰ মুঠ ৩২০০০ গৰাকী যাত্ৰীৰ ভিতৰত মাত্র ১৬৮৭ জনেহে লাইফ বোটত স্থান পায়। বাকী ১৫১৩ জনে লাইফ বোটত স্থান নাপাই টাইটানিকৰ সৈতে জলসমাধি গ্ৰহণ কৰে। এতিয়াও সেই টাইটানিক আটলান্টিক সাগৰৰ ১৩,০০০ ফুট গভীৰতাত পৰি আছে। এই ঘটনাটো প্রায় ৮৮ বছৰৰ আগৰ। সেই দিনটো আছিল ১৯১২ চনৰ এপ্ৰিল মাহৰ সোমবাৰ।

#টাইটানিক
#Titanic

Click Here to explore Gyanodaya Membership Plans

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: