জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

নীৰৱ বসন্ত ।। Silent Spring

#Silent Spring

আকৌ বসন্ত আহিল। কুউ কুউ কৰি কুলি চৰায়ে মতা শুনিবলৈ পাইছোঁ। চৰাইৰ মাতে যেনে কুলি কেতেকী আদিয়ে বসন্তৰ আগজাননী দিয়ে।

আমেৰিকাতো এখন সৰু চহৰ আছিল। নগৰবাসী, খেতিয়ক, বন্য জীৱন সকলোৱে তাত সমিল-মিলেৰে জীৱন কটাইছিল। মেপল, বার্চ, পাইন গছেৰে সুশোভিত সেই চহৰৰ কৃষিক্ষেত্ৰ আৰু ফলৰ বাগিছাবোৰ চালে চকুৰোৱা আছিল। আলিবাটবোৰৰ দুয়োকাষে গছ, ঢেকিয়া আৰু বনৰীয়া ফুলেৰে ৰমকজমক হৈ আছিল। বেলেগ বেলেগ বিধৰ অসংখ্য চৰায়ে তাত বসন্ত কালত গীত জুৰিছিল। শীতকালি তালৈ অসংখ্য বনৰীয়া চৰাই ৰ আগমণ ঘটিছিল। জান জুৰিবোৰে ভৰি আছিল ট্রাউট মাছেৰে। পিচে প্ৰকৃতিৰ ৰম্যপুৰী চহৰখনত হঠাতে ৰহস্যজনক অঘটন ঘটিল। উদ্ভিদবোৰৰ শীতলীয়া (ব্লাইট) ৰোগ হ’ল। গছবোৰ কলাপৰি লেৰেলি গ’ল। পশুপালন ক্ষেত্ৰবোৰৰ জন্তুবোৰ মৰিবলৈ ধৰিলে। মানুহবিলাক বেমাৰত পৰিল। মৌ মাখিবোৰো নাইকিয়া হৈ পৰিল পৰাগ সংযোগ ঘটাবলৈ। ফলৰ বাগিছাৰোৰতো ফল নধৰা হ’ল। চৰাইবিলাক অদৃশ্য হৈ পৰিল। সিহঁতে গছৰ ডালত পৰি গীত নোগোৱা হ’ল।

এইয়া হ’ল এখন কিতাপৰ কাহিনীৰ এছোৱা। ১৯৬২ চনত প্ৰকাশ পোৱা নীৰৱ বসন্ত (Silent Spring) নামৰ এই কিতাপখনৰ লেখক আছিল এগৰাকী মহিলা। নাম ৰাচেল কাছন (Rachel Carson)।

Silent Spring

ইতিহাসৰ আৰম্ভণিৰে পৰা দেখা গৈছিল প্রাণী আৰু পৰিবেশৰ আন্তঃক্রিয়া। কিন্তু পৰিবেশেহে প্ৰাণীৰ অথবা মানুহৰ জীৱন নিয়ন্ত্রণ কৰিছিল। কিন্তু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে পৃথিৱীৰ মাটি, পানী, বায়ু আৰু প্ৰাণীৰ জীৱন প্ৰদূষিত কৰিলে। আনৱিক বিস্ফোৰণৰ বিকিৰণ আৰু বিষাক্ত রাসায়নিক পদার্থ (কীটনাশক, তৃণনাশক) আদিৰ জৰিয়তে মাটি, পানী আৰু পৃথিৱীৰ জীৱ বা উদ্ভিদদেহৰ কলাজালতো ৰসায়নিক দ্রব্য অৱক্ষেপিত হল।

আমেৰিকাতো বসন্তৰ আগমণিৰ সংবাদ দিয়ে চিনাকী চৰাইৰ সুৱদী গীতে, পিচে বহুত ঠাইত এই চিনাকী চৰাইবোৰ অন্তর্ধান হ’ল। ১৯৫০ । চনত ডাচ্ছ এলম ডিজিজ নামৰ এবিধ বেমাৰত এলম (চিৰিলা -চিৰিল পাতৰ সৈতে দেৱদাৰু জাতীয় গছ) গছবোৰ মৰি গৈছিল। বেমাৰী এলম গছবোৰত ডি ডি টি চটিওৱা হৈছিল। এলম গছবোৰত বাঁহ সাজি অনেক চৰায়ে বাস কৰিছিল। এই চৰাইবোৰে বোন্দা কেঁচু খাইছিল আৰু বোন্দা কেচুবোৰে আকৌ শৰত কালি সৰা পাতবোৰ খাইছিল। বেমাৰী গছত ছটিওৱা ডি ডি টিবোৰ গছবোৰত আৰু সৰা পাতবোৰতো থাকি গৈছিল। গতিকে চৰাইবোৰৰ গাত ডি ডি টিৰ পৰিমাণ বাঢ়ি গৈছিল। এনেকৈয়ে বহু চৰাইৰ মৃত্যু হৈছিল।

হেজাৰ হেজাৰ বছৰ ধৰি প্রত্যেক বছৰে আটলান্টিকৰ পৰা মিমিচি নদীলৈ ছলমন মাছবোৰ আহিছিল। ১৯৫৪ চনৰ বসন্তকালত স্পচ বার্ডৱৰ্ম (Spruce Budworm) মাৰিবলৈ ছটিওৱা ৰাসায়নিক দৰৱৰ বাবে এই মাছবোৰ মৰি থাকিল।

একেদৰে ১৯৫৬ চনত মহ মাৰিবলৈ ১০০০০০০ একৰ মাটিত কীটনাশক ছটিওৱা হ’ল।

Kopou Phool

ৰাছেল কাৰছনে তেওঁৰ কিতাপখনত এইবোৰ কথাকে আলোচনা কৰিছিল। সংক্রামক আৰু মহামাৰী বৰ আই, কলেৰা, প্লেগ আদি বেমাৰ আমি জীৱনধৰণৰ মান উন্নত কৰি, অনাময় ব্যৱস্থাৰ। উন্নতি সাধি, যাদুকৰী ঔষধৰ ব্যৱহাৰ কৰি প্রায় নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱাৰ পাচত ৰাসায়নিক দ্রব্য আৰু অপকাৰী বিকিৰণেৰে পৰিবেশ বিনষ্ট কৰি আমি নতুন নতুন ৰোগৰ প্রাদুর্ভাব ঘটিবলৈ এৰি দিছো আৰু নানা স্বাস্থ্য জনিত সমস্যাত ভূগিছে। পৰিবেশত বিপদজনক ৰাসায়নিক দ্রব্যৰ মাত্রা বৃদ্ধি কৰি আমি আচলতে এটা সহজ পথেৰে বাট বুলিছোঁ যি বাটৰ অন্তত আমি দুৰ্যোগত সন্মুখীন হম। আমি নিবিচৰা কীট আৰু অপতৃণবোৰ আমি ৰোধ কৰিবলৈ আমি যদি অৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰোঁ তেন্তে আমাৰ বাবে পথটো ইমান মসৃণ নহ’ব। সেয়েহে আমি সহজ পথটোৱেই লওঁ। কিন্তু ৰাচেল কাৰচনৰ মতে সেই দুর্গম পথেৰে গ’লেহে আমি আমাৰ মৰমৰ গ্ৰহটোক বচাই ৰাখিব পাৰিম।

তেওঁ আমেৰিকাত ছটিওৱা অপর্যাপ্ত পৰিমাণৰ ডি ডি টিৰ ফলত হোৱা পৰিবেশৰ হানি আৰু প্ৰভাৱ সম্পর্কে এই কিতাপখন বহুলভাবে আলোচনা কৰি তালিকাযুক্ত কৰিছে। মানুহৰ স্বাস্থ্য আৰু পৰিবেশতন্ত্রৰ ওপৰত হ’ব পৰা প্ৰভাৱৰ বিষয়ে ভালদৰে নুবুজাকৈ পৰিবেশত এৰি দিয়া বিভিন্ন ৰাসায়নিক দ্রব্য সম্পর্কে প্রশ্ন কৰিছে। ডি ডিটি আৰু আন কীটনাশকে কর্কট বোগৰো কাৰক হ’ব পাৰে।

এই কিতাপখনেই প্ৰকৃততে পৰিবেশ আন্দোলনৰ ভেটি গঢ়িলে বুলি ক’ব পাৰি। এই কিতাপৰ প্রতিক্রিয়া হিচাবে ১৯৭২ চনত আমেৰিকাত ডি ডি টিৰ বেছিভাগ ব্যৱহাৰ নিষিদ্ধ। কৰা হ’ল। ষ্টকহম সন্মিলনৰ পাচত কৃষি ক্ষেত্ৰত ডি ডি টিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ল। মাত্র ৰোগ নিয়ন্ত্ৰণৰ বাবেহে ডি ডি টি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ল।

ডিডিটিৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ ১৯৬৭ চনত বালড ইগল চৰাইটোক চৰকাৰী ভাবে আমেৰিকাৰ সকলো ঠাইতে ভাবুকিগ্রস্ত (endangered) প্রজাতি বুলি ঘোষণা কৰা হৈছিল। পিছে ১৯৭২ চনত ডিডিটি নিষিদ্ধ কৰাৰ পাচত লাহে লাহে সংখ্যা বৃদ্ধি হৈ এতিয়া ২০০৭ চনত ইয়াক ভাবুকিগ্রস্ত প্রজাতি নহয় বুলি ঘোষণা কৰা হয়। ১৯৬০ চনত ৫০০০ ৰো কম আছিল। বাল্ড ইগলৰ পৰা ২০০৭ চনত ইহঁতৰ সংখ্যা ১০০০০ হ’লগৈ। পিচত আমেৰিকাৰ ৰাষ্ট্ৰীয় প্রতীক বালইগল’ নামৰ চৰাইটোৰ সংখ্যা বৃদ্ধি হ’ল।

১৯০৭ চনৰ ২৭ মে’ত পেলছিলভেনিয়াৰ ম্প্রিংডেলত জন্মগ্রহণ কৰা ৰাছেল কাৰছনে এই কিতাপখনৰ যোগেদি মানৱজাতিক এটা ডাঙৰ সকিয়নী দি পৰিৱেশ আন্দোলনৰ সূচনা কৰিলে। টকাপইচা বেছি নাথাকিলেও প্রতিভাশালী মাকে সৰুতে তেওঁলোকক এটা সুদৰঘৰুৱা পৰিবেশ দিছিল। তেওঁ জীৱ-জন্তুবোৰৰ বিষয়ে গল্প লিখি দহবছৰ বয়সতে প্ৰকাশ কৰিছিল। প্রকৃতিক ভালপোৱা এই গৰাকী দূৰদৰ্শী মহিলাই এই পুথিখনৰ জৰিয়তে মানৱজাতিক ভয়াবহ ভৱিষ্যতৰ বিষয়ে সজাগ কৰি পৰিবেশৰ যত্ন ল’বলৈ শিক্ষা দি গ’ল।

#নীৰৱ বসন্ত

Click Here to explore Gyanodaya Membership Plans

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: