“ইনকলাব জিন্দাবাদ”- ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰা অমৰ কণ্ঠৰ গৰাকী হ’ল ভগৎ সিং। সেই কণ্ঠৰ পৰাই নিগৰি ওলাইছিল- ‘মেৰা ৰংগ দে, বসন্তী চোলা মাই বংগ দে বসন্তী চোলা।’

স্বাধীনতা সংগ্ৰামত জড়িত হ’বলৈ ঘৰ এৰি যাওঁতে তেওঁ দেউতাকলৈ লিখিথৈ গৈছিল- “আপুনি মোৰ বিয়াৰ কথা ভাৱিছে। কিন্তু স্বাধীনতা মোৰ কইনা, সেই কইনাক বিচাৰিহে মই ওলাই আহিছে।”
এই সংগ্রামত ভগৎ সিঙৰ লগত আছিল ক্ষুদিৰাম, কানাইলাল, বটুকেশ্বৰ দত্ত, ৰাজগুৰু, সুখদেৱ, চন্দ্রশেখৰ আজাদ, উধম সিং, বিচামুণ্ডা এই সকলোৰে জীৱন দেশৰ বাবে উৎসর্গিত একো একোটা মহান প্রাণ।
ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ চেপ্তেম্বৰৰ এক উজ্জ্বল মুহূর্তত। তেওঁলোকৰ পৰিয়ালটো আছিল পঞ্জাৱৰ লয়ালপুৰ জিলাৰ বংগা গাঁৱৰ, এটি দেশপ্রেম মন্ত্ৰৰে দীক্ষিত পৰিয়াল। তেওঁৰ ককাৰ অৰ্জুন সিং হিন্দু ধর্মৰ সংস্কাৰধৰ্মী আন্দোলনৰ এজন সক্রিয় সদস্য আছিল।
গান্ধীজীৰ অহিংসা আন্দোলনৰ বিপৰীতে বৃতিচৰ দমনমূলক আচৰণত অতিষ্ঠহৈকিছুমান যুৱকে সশস্ত্র সংগ্রামেৰে বৃতিচক ব্যতিব্যস্ত কৰি তুলিছিল। এই সংগ্ৰামৰ আদৰ্শ ক্রমে আন ৰাজ্যলৈকো বিয়পি পৰিছিল। ১৯৩০ চনত গান্ধীজীক চেৰ পেলাই ভগৎ সিং বেছি জনপ্রিয় হৈপৰিছিল। ভগৎ সিঙৰ মতে কেৱল অস্ত্ৰৰে একো লাভ কৰিব নোৱাৰি।
ভগৎ সিঙৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল বাংগাৰ জিলা বদ প্রাইমেৰি স্কুলত। পাছত লাহোৰৰ দেৱ স্কুলত পঢ়িবলৈ লয়। ১৯১৯ চনৰ এপ্রিলৰ নির্মম জালিয়ানরালাবাগৰ হত্যাকাণ্ডৰ সাক্ষী হিচাপে সেই ক্ষেত্ৰৰ পৰা অলপ মাটি তেওঁ সংগ্ৰহ কৰি ৰাখিছিল। সেই মাটিখিনিয়েই তেওঁৰ মনত প্রতিশোধ স্পৃহা সদাজাগ্রত কৰি ৰাখিছিল।

১৯২৪ চনটো তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ। কাৰণ সেই বছৰতে তেওঁ ‘হিন্দুস্তান ৰিপাব্লিকান এচচিয়েচনৰ এজন সদস্য হয়। বন্দুক বাদেৰে মুক্তি আনিব পৰা যাব বুলি ভবা এই সংগঠনটোৰ সংগঠক আছিল চন্দ্রশেখৰ আজাদ |
১৯২৮ চনত ভাৰতৰ স্বাধীনতা সম্পর্কে চালি জাৰি চাবলৈ ইংলেন্দৰ পৰা চাইমন আয়োগ প্ৰেৰণ কৰে। এই আয়োগত এজনো ভাৰতীয় নথকাৰ প্ৰতিবাদত লালা লাজপত বায়ৰ নেতৃত্বত এটা মৌন সমদল উলিওৱা হৈছিল। এই সমদলৰ ওপৰত পুলিচে বৰ্বৰ লাঠি চালনা কৰে, লাঠিৰ আঘাতত লালা লাজপত ৰায়ৰ মৃত্যু হয়। এই মৃত্যুৰ ফলত সকলোৰে মনত প্রতিশোধৰ জ্বালা জ্বলি উঠে। সেইবাবে ১৯২৮ চনৰ ১৯ ডিচেম্বৰৰ দিনা এই হত্যাৰ প্রধান অভিযুক্ত লাহোৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চাউদাৰক ভগৎহঁতে হত্যা কৰে। পিচদিনা তেওঁলোকে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰে।
১৯২৮ চনত সংসদত উত্থাপন কৰা হয় Public Safety Bill আৰু Traders Dispute Bill। প্রতিনিধিসকলে এই বিল দুখনৰ তীব্র বিৰোধিতা কৰে যদিও জনমতক উপেক্ষা কৰি চৰকাৰে ইয়াক অধ্যাদেশত পৰিণত কৰে।ইয়াৰ প্রতিবাদ স্বৰূপে ভগৎ সিং আৰু বটুকেশ্বৰ দত্তই দিল্লীৰ সংসদত এটা বিস্ফোৰণ ঘটালে। পলোৱাৰ পথ সুগম থকা সত্বেও তেওঁলোকে নপলাই গ্রেপ্তাৰ নোহোৱালৈকে ৰৈ থাকিল। ৰাজগুৰু সুখদেৱ আৰু ভগৎ সিঙৰ বিচাৰ আৰম্ভ হ’ল ১৯২৯ চনৰ ১০ জুলাইত আৰু সেই বিচাৰ মৃত্যুদণ্ডৰে শেষ হ’ল ১৯৩০ চনৰ ৭ অক্তোবৰ তাৰিখে। ১৯৩১ চনৰ ২৩ মার্চত ফাঁচিকাঠত ওলমি ৰ’ল সেই মহান বীৰ শ্বহীদসকলৰ নশ্বৰ দেহ।
এইসকলৰ আত্ম বলিদান ভাৰতৰ জনসাধাৰণৰ বাবে এক আদর্শ হৈ ৰ’ল।
#ভগৎ সিং
#Bhagat Singh
#Shaheed Diwas
Click Here to Join Gyanodaya