গণিতৰ ক্রমোন্নতিত মাইলৰ খুটি স্বৰূপ এজন অন্যতম প্রতিভাশালী সত্বা হ’ল পাইথাগোৰাচ (Pythagoras)। আনুমানিক খৃঃ পুর্ব ৫৮০ ত গ্ৰীচৰ ব্যৱসায় বাণিজ্য কেন্দ্রস্থল চাম’চ (Samos) দ্বীপত এটা চহকী পৰিয়ালত জন্ম লাভ কৰা পাইথাগোৰাছে খুব কম বয়সতে প্ৰখৰ বুদ্ধিৰ পৰিচয় দিছিল। পঢ়াশলীয়া দিনবোৰত তেওঁৰ কৌতূহলৰ সঠিক সমাধান যুগুতোৱাত শিক্ষকসকল বাৰুকৈয়ে ব্যর্থ হৈছিল। ফলস্বৰূপে তেখেতক মিলেষ্টাচ (Miletus) ৰ থে’লছ (Thales) ৰ ওচৰত অধ্যয়নৰ বাবে পঠোৱা হৈছিল। সেই সময়তে পাইথাগোৰাছে তেওঁৰ বিখ্যাত সূত্রটি উদ্ভাৱন কৰে। বর্তমান বিদ্যালয় মহাবিদ্যালয়ত শিকোৱা জ্যামিতিক প্রমাণ বিলাকৰ তেৱো হ’ল এজন উদ্ভাৱক। পাইথাগোৰাছে প্রমাণ। কৰিছিল যে ত্রিভূজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি দুই সমকোণৰ সমান।

This content is locked
Please login to unlock this content