ব্রহ্মাণ্ডতত্ত্ব ও বিশ্বব্রহ্মণ্ডৰ যি অধ্যয়ন সেয়েই Cosmology, অর্থাৎ ব্রহ্মাণ্ডবিদ্যা বা ব্রহ্মাণ্ডতত্ত্ব। চকুৰে দেখা আকাশখনৰ জোন-বেলি তৰাতে আবদ্ধ নহৈ বর্তমান মানুহৰ মনটোৱে। ঢাপলি মেলিছে চকুৰে নেদেখা মহাকাশলৈ, মহাবিশ্বলৈ আৰু বিশ্বব্রহ্মাণ্ডলৈ।

বিশ্বব্রহ্মাণ্ডখনত এনেকুৱা অসংখ্য নক্ষত্রপুঞ্জ আছে। আমাৰ নক্ষত্রপুঞ্জ হাতীপটা (Milkyway) । এই অসংখ্য নক্ষত্রপুঞ্জৰ মাজৰে এখন। এই হাতীপটীতে আমাৰ সৌৰজগতখন অৱস্থিত। আমাৰ সৌৰজগতৰ সূৰ্যটো আমাৰ নক্ষত্রপুঞ্জ হাতীপটীৰ চাতি পিনে, কেন্দ্ৰৰ পৰা ৩০,০০০ পোহৰ। বছৰৰ দূৰত্বত অৱস্থিত এটি সাধাৰণ, সৰু চানেকিয়া হালধীয়া। ৰঙৰ তৰা। এই তৰাটিৰ, অর্থাৎ আমাৰ সূর্যটিৰ পৰা মাত্র ৮ পোহৰ মিনিত দূৰত্বত আমাৰ এই পৃথিৱীখন অৱস্থিত। পৃথিৱী অথবা আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতা আৰু আমাৰ নক্ষত্রপুঞ্জ আৰু লগে-লগে বিশ্বব্রহ্মাণ্ডৰ বিশালতা সহজেই অনুমেয়।
চন্দ্ৰই পৃথিৱীক প্রদক্ষিণ কৰে। অর্থাৎ চন্দ্র পৃথিৱীৰ চাৰিওফালে ঘূৰে। পৃথিৱীয়ে চন্দ্রক আকর্ষণ কৰে। পৃথিৱীয়ে উপগ্রহ চন্দ্রক আকর্ষণ নকৰা হ’লে চন্দ্র কোনোবাপিনে গুচি গ’লহেঁতেন। ৰাতিৰ অন্ধকাৰ দূৰ কৰিবলৈ আমাৰ জোনবাইটিক আমি নাপালোহেঁতেন।
চন্দ্রয়ো পৃথিৱীক আকর্ষণ কৰে। চন্দ্ৰৰ নিজস্ব আকর্ষণ শক্তি নথকা হলে পৃথিবীত চন্দ্ৰটো ওফালখাই পৰি চুৰমাৰ হৈ ‘লহেতেন। সেই সংঘর্ষত পৃথিৱীৰো প্রভূত ক্ষতি হ’লহেঁতেন। চন্দ্ৰই পৃথিৱীক আকর্ষণ কৰাৰ প্রমাণ আছে। সেই প্রমাণ আমি পাওঁ সাগৰৰ বুকুত হোৱা জোৱাৰ ভাটাৰ পৰা।

চন্দ্ৰই পৃথিৱীৰ একমাত্র প্রাকৃতিক উপগ্রহ। ই পৃথিৱীক ২৭ দিন, ৭ ঘণ্টা, ৪৩ মিনিট আৰু ১১.৫ চেকেত প্রদক্ষিণ কৰে। পৃথিৱী চন্দ্ৰতকৈ ৮১.২৫ গুণ ডাঙৰ। চন্দ্ৰৰ ব্যাস পৃথিৱীৰ প্রায় এক চতুর্থাংশ। ইয়াৰ মধ্যাকর্ষণ শক্তি পৃথিৱীৰ এক ষষ্ঠাংশ।
১৯৬৯ চনৰ ২০ জুলাইত নীল আর্মস্ট্রঙে চন্দ্ৰত পর্দাপণ কৰে। চন্দ্ৰত ভৰি দিয়া তেঁৱেই প্রথম মানুহ। চন্দ্ৰত ভৰি দি আর্মস্ট্রঙে কৈছিল, “এই পদক্ষেপটি মানৱ জাতিৰ কাৰণে এটি অতি বৃহৎ জাপ।”
#ব্রহ্মাণ্ডতত্ত্ব
@Gyanodaya