পৃথিৱীখনৰ যেনিয়ে চকু যায় তেনিয়ে অজস্ৰ ৰঙৰ সমাৱেশ দেখা যায়। তাৰে অর্ধেক প্রকৃতিয়ে দিয়া ৰং আৰু অর্ধেক হ’ল মানুহে কৃত্রিম ভাৱে প্ৰস্তুত কৰা। আকাশৰ নীলা ৰং, গছপাতৰ সেউজীয়া, ফুলৰ ৰঙা, হালধীয়া আদিবোৰ প্ৰকৃতিৰ ৰং। প্রাকৃতিক ৰং সমূহৰ পৰা মানুহে নিজেই কিছুমান ৰং প্রস্তুত কৰি লৈছিল, এই পদ্ধতি অতি প্রাচীনকালৰে পৰা প্ৰচলিত। ৰাসায়নিক দ্রব্যৰ পৰা কৃত্রিমভাৱে ৰং প্রস্তুত কৰাৰ প্ৰণালী অৱশ্যে বেছি দিনৰ পুৰণি নহয়।

ইংলেন্দ্ৰ ৰাসায়নবিদ উইলিয়াম হেনৰি পাৰকিনে প্রথমে আধুনিক ৰাসায়নিক ৰং উদ্ভাৱন কৰে। কৃত্রিম ৰং আৱিস্কাৰৰ সময়ত পাৰকিনৰ বয়স আছিল মাত্র সোতৰ বছৰ। পাৰকিন এজন কৃতী ছাত্র আছিল। ১২ বছৰ বয়সৰে পৰা তেওঁ ৰসায়ন বিজ্ঞানৰ প্রতি অধিক আগ্রহী হৈ ঘৰতে এটা গৱেষণাগাৰ পাতি তাতে ব্যস্ত থাকি ভাল পাইছিল। ছাত্ৰ অৱস্থাতে তেওঁহফমেন নামৰ এজন বিখ্যাত জার্মান ৰসায়নবিদৰ সহকাৰীৰূপে কাম কৰাৰ সুযােগ পাইছিল।
সেই সময়ত ইংলেন্দত মেলেৰিয়া ৰোগৰ বৰ প্রাদুর্ভাৱ আছিল। ইয়াৰ ঔষধ ‘কুইনাইন’ তৈয়াৰ কৰা চিনকোনা গছৰ পৰিমাণণা দিনে দিনে হ্রাস হৈ আহিছিল। হফমেনে তেওঁৰ সহায়কাৰী পাৰকিনক কৃত্রিমভাৱে কুইনাইন প্রস্তুত কৰাৰ বাবে গৱেষণা কৰাৰ দায়িত্ব দিছিল। পাৰকিনেও একাণপতীয়াকৈ গৱেষণা কৰিবলৈ ধৰিলে। এই কামৰ বাবে পোনতে তেওঁ অলপ আলকাতাৰা ল’লে। ১৮৫৬ চনত পাৰকিনে আলকাতাৰা লৈ বহুতো পৰীক্ষা কৰিলে।
কিন্তু কোনোবাৰতে কুইনাইন তৈয়াৰ কৰিব নোৱাৰিলে। কুইনাইন এবিধ দানাকাৰ বৰণহীন পদার্থ। কিন্তু পাৰকিনে পালে অত্যন্ত ডাঠ বৰণৰ পদার্থ এবিধ ! পদার্থখিনি তেওঁ বাহিৰত পেলাই দিলে। সূর্য পোহৰত পাৰকিনে পদার্থখিনিৰ বৰণ বেঙুনীয়া দেখা পালে । তাৰ পাছত তেওঁ পদার্থটো লৈ বহুতো পৰীক্ষা কৰিলে। পাৰকিনে এই নতুন পদার্থটোৰ নাম দিলে এনিলিন বেঙুনী। ১৮৫৬ চনত এনেদৰেই প্রথম কৃত্রিম ৰং আৱিষ্কাৰ হয়। এই আৱিষ্কাৰৰ পিছতে কৃত্রিমভাৱে ক্রমান্বয়ে নানান ৰং প্রস্তুত কৰিব পৰা হ’ল।
#কৃত্রিম ৰং
Click Here to buy Gyanodaya Membership Plan and explore the benefits