আমাৰ এই বিস্ময়কৰ অপৰূপ পৃথিৱীখনৰ এটা অদ্ভুত বিস্ময় হ’ল ভাষা৷ চিম্পাঞ্জি বান্দৰ, হাতী আদিয়েও নিজৰ মাজত অৰ্থবহ শব্দৰে ভাব বিনিময় কৰে যদিও সেইবোৰ মানুহৰ ভাষাৰ দৰে পৰিপূৰ্ণ বিকশিত ভাষা নহয়৷ ফ্ৰেদেৰিক এংগেলচ নামৰ সমাজবিজ্ঞানীজনে লিখিছে, মানুহে যেতিয়া উৎপাদনমূলক শ্ৰম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই মানুহৰ বুদ্ধি আন প্ৰাণীতকৈ বাঢ়ি আহিল৷ তেওঁ আৰু লিখিছে যে চুটিনেজিয়া এবিধ বান্দৰৰ বিৱৰ্তন হৈ মানুহৰ জন্ম হ’ল৷ বুদ্ধিৰ বিকাশৰ পাছৰ পৰাই জন্ম হ’ল ভাষাৰ৷ কোনো কোনো পণ্ডিতৰ মতে প্ৰকৃতিৰ অনুকৰণ কৰিবলৈ গৈ ভাষাৰ সৃষ্টি হ’ল৷ কোনোৰ মতে অতিশয় আবেগক শব্দৰে প্ৰকাশ কৰিবলৈ শিকাৰ পৰাই
মানুহৰ ভাষাৰ উৎপত্তি হ’ল৷ অৱশ্যে মানুহে সচেতনভাৱে ভাষাৰ জন্ম দিয়া নাছিল৷

ভাষাতত্ত্বৰ অধ্যয়ন এটা অতি আকৰ্ষণীয়, ৰোমাঞ্চকৰ বিষয়৷ এজন প্ৰসিদ্ধ ভাষাতত্ত্ববিদ ৰমান জেকবচনে ভাষাক পৃথিৱীৰ শ্ৰেষ্ঠতম যাদুকৰ আখ্যা দিছে৷ ভাষাতত্ত্ববিদসকলৰ মতে পৃথিৱীৰ কথিত, লিখিত সকলো ভাষাৰে ব্যাকৰণ আছে আৰু সকলো ভাষাৰে মৰ্যাদা সমান৷ সকলো মানুহৰ নিজৰ ভাষাক লৈ আবেগ আছে৷ ভাষাক লৈ যুদ্ধ-বিগ্ৰহ, হত্যা, হিংসা আদি পৰ্যন্ত হয় পৃথিৱীৰ প্ৰান্তে প্ৰান্তে৷ভাষা আৰু মানুহৰ আবেগক লৈ আটাইতকৈ বেছিকৈ গৱেষণা কৰা ভাষাতত্ত্ববিদজন হ’ল আমেৰিকাৰ লিওনাৰ্দ ব্লুমফিল্দ শ্চ১৮৮জ্জ-১৯৪৯গ্গ আনহাতে বৰ্তমান জীৱিত ভাষাতত্ত্ববিদ সকলৰ ভিতৰত আমেৰিকাৰ চিন্তানায়ক নৌম চমস্কিৰ অৱদান আটাইতকৈ বেছি৷ ভাষা এটা ক্ৰমাৎ পৰিবৰ্তিত হৈ গৈ থাকে৷ পৃথিৱীত বৰ্তমান প্ৰায় ৬০০০ কথিত ভাষা আছে৷
এই বিষয়ে পৃথিৱীৰ সকলোবোৰ ভাষাতত্ত্ববিদ ঐক্যমতত উপনীত হৈছে৷ এতিয়াও পৃথিৱীৰ কিছুমান কথিত ভাষা আবিষ্কাৰেই হোৱা নাই৷ আনকি এতিয়াও মাজে মাজে আফ্ৰিকা, দক্ষিণ আমেৰিকা, পাপুৱা নিউগিনি, ইন্দোনেচিয়া আদিৰ বৰ্ষাৰণ্যবোৰত নতুন নতুন ভাষাৰ সম্ভেদ পোৱা যায়৷ বিভিন্ন ভাষাসমূহ খেলিমেলিকৈ পৃথিৱীজুৰি প্ৰচলিত হৈ আছে৷ পৃথিৱীৰ ৬০০০ ভাষাৰ মাত্ৰ চ্ছ্ৰ শতাংশহে ইউৰোপত কোৱা হয়৷ আমেৰিকাত কোৱা হয় ১৫ শতাংশ, আফ্ৰিকাত ৩১ শতাংশ
আৰু এচিয়া তথা প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বাকী ৫০ শতাংশ ভাষা কোৱা যায়৷ আনহাতে ইন্দোনেচিয়া আৰু পাপুৱা নিউগিনি কেৱল এই দুখন দেশতেই পৃথিৱীৰ ২৫ শতাংশ ভাষা (প্ৰায় ১৫০০গ্গ পোৱা যায়৷ ভাৰতবৰ্ষত প্ৰায় ৩৮০টা ভাষা থকাৰ তথ্য পোৱা যায়৷
বৰ্তমান আমেৰিকাত ১০১৩ টা আফ্ৰিকাত ২০৫৭ টা, অষ্ট্ৰেলিয়াত ২৫০ টা, ইউৰোপত ২৩০ টা, প্ৰশান্ত অঞ্চলত ১৩১ টা আৰু এচিয়াত ২১৯৭ টা ভাষা থকাৰ তথ্য পোৱা গৈছে৷ আনহাতে পৃথিৱীৰ সৰ্বাধিক ভাষা থকা দেশকেইখন হ’ল মেক্সিকো ২৪০ টা, ব্ৰাজিল ২১০ টা, নাইজেৰিয়া ৪১০ টা, কেমেৰুণ ২৭০ টা, জাইৰ ২১০ টা, ভাৰত ৩৮০ টা, ইন্দোনেচিয়া ৬৭০ টা আৰু পাপুৱা নিউগিনি ৮৫০ টা ৷ মানৱ সভ্যতাৰ হাজাৰ হাজাৰ বছৰীয়া জ্ঞান ভাণ্ডাৰ এই ভাষাবিলাকৰ বুকুত সোমাই আছে৷ এটা ভাষাত এটা জাতিৰ সাংস্কৃতিক মূল্যবোধ, মৌখিক লোকবিশ্বাস আৰু লোকৃষ্টিৰ অসংখ্য জ্ঞান- ভাণ্ডাৰ সঞ্চিত হৈ থাকে৷ কিন্তু দুখৰ কথা এইটোহে যে পৃথিৱীৰ পৰা আজি তিনি হাজাৰৰো অধিক ভাষা বিলুপ্ত হৈ যাবলৈ ওলাইছে৷ পৃথিৱীত এক ভাষা, এক সংস্কৃতি গঢ়ি তুলিব বিচৰাৰ বাবে এই ভাষাবোৰ বিপন্ন হৈছে৷

অথচ এটা ভাষা বিলুপ্তিৰ লগে লগে মানৱ জাতিৰ কিমানখিনি সঞ্চিত জ্ঞান বিলুপ্ত হ’ব সেয়া বিজ্ঞানৰো কল্পনাৰ বাহিৰত ৷ ভাষাতত্ত্ব এটা অতি গুৰুত্বপূৰ্ণ বিষয় হলেও ইয়াৰ চৰ্চা যেন অসমত বৰ্তমান যথেষ্ট উপেক্ষিত হৈ আছে ৷ শিশুৰ শিক্ষাৰ উৎকৃষ্ট মাধ্যম মাতৃভাষা৷ এই বিষয়ে কোনো দ্বিমত হ’ব নোৱাৰে৷ অসমীয়া ল’ৰা-ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম অসমীয়া হোৱা উচিত, ইংৰাজী ভাষা নহয়৷” আনহাতে মাতৃভাষাৰ মাধ্যমত স্কুলত পঢ়িলে শিশুৰ‘Cognition ability’(বোধগম্যতা শক্তি) বাঢ়ে বুলিও প্ৰমাণিত৷
ফৰাচী লেখক এলফনচ দউডেৰ ‘মোৰ শেষ পাঠ’ (My last lesson) নামৰ এটা মৰ্মস্পৰ্শী গল্প আছে৷ সৰু ল’ৰা এটাই নিজৰ পঢ়া-শুনা অবজ্ঞা কৰিছিল৷ এদিন স্কুললৈ গৈ ল’ৰাজনে গম পালে যে যুদ্ধত জাৰ্মানবিলাক জিকিছে, ফৰাচীসকল হাৰিছে৷ আৰু পিছদিনাৰ পৰা বিদ্যালয়ত জাৰ্মান ভাষাহে চলিব৷ অথচ ইমান দিনে বিদ্যালয়ৰ একমাত্ৰ শিক্ষকজনকে ধৰি সকলোৱে মাতৃভাষাক অনাদৰ কৰিছিল৷ এই মৰ্মস্পৰ্শী গল্পটোৰ আধাৰতে ‘মোৰ শেষ পাঠ’ নামেৰে বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই এটা হৃদয়স্পৰ্শী কথা কবিতা লিখিছিল৷
মাতৃভাষাৰ পৰা বিচ্ছিন্ন হ’লে আমি যে হৈ পৰিম ছিন্নমূল৷ আমাৰ জাতিটো হৈ পৰিব পৰিচয়বিহীন আত্মবিস্মৃত এটা জাতি৷ অৱশ্যে নিজৰ মাতৃভাষাক ভাল পাবলৈ যাওঁতে আনৰ মাতৃভাষাক হেয় প্ৰতিপন্ন কৰিবলৈ যোৱা অথবা অবদমিত কৰিবলৈ যোৱাতো অত্যন্ত বেয়া কাম৷ আমি আনৰ মাতৃভাষাকো শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব৷ তেতিয়াহে
আমাৰ সমাজখন মানবীয় সমাজৰূপে গঢ় লৈ উঠিব৷