বিজ্ঞান জগতৰ এটি অবিস্মৰণীয় নাম এনৰিকো ফার্মি। প্লুটোনিয়াম নামৰ এবিধ মৌলিক পদার্থৰ আৱিষ্কাৰ কৰোতা এনৰিকো ফার্মিয়ে পদার্থ বিজ্ঞানৰ তত্ত্ব আৰু পৰীক্ষা দুয়োটা বিভাগতে অভিনৱ পাৰদৰ্শিতা দেখুৱাই গ’ল।
এইজনা মহান পদার্থবিজ্ঞানীৰ জন্ম হৈছিল ১৯০১ চনৰ ২৯ ছেপ্তেম্বৰত ইটালীৰ ৰোম মহানগৰত। দেউতাক আছিল ৰেল বিভাগৰ এজন কর্মচাৰী। বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰি ১৯২২ চনত ইটালীৰ বিখ্যাত পিছা বিশ্ববিদ্যালয়ৰ পৰা মেধা শক্তিৰ পৰিচয় দি ৰন্টজেন ৰশ্মিৰ গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে। ৰোমত কিছুদিন থকাৰ পাছত পদার্থ বিজ্ঞানৰ আধুনিক তত্ত্ববোৰ সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ তেওঁ জার্মানী, ডেনমার্ক, হলেণ্ড আদি দেশলৈ যায়।

পুনৰ দেশলৈ ঘূৰি আহি ১৯২৪ চনৰ পৰা ১৯২৬ চনলৈ ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ থিউৰিটিকেল ফিজিক্স’ৰ অধ্যাপনা কৰে। ৰোম বিশ্ববিদ্যালয়তে পদার্থ বিজ্ঞানৰ মৌলিক গৱেষণা কৰি পাৰমাণৱিক কণিকাবোৰৰ এক নতুন পৰিসংখ্যা তত্ত্ব আৱিষ্কাৰ কৰে। ফার্মিৰ এই পৰিসংখ্যা তত্ত্বক ‘ফার্মি ডিৰাক পৰিসংখ্যা বিজ্ঞান’ নামেৰে পৰিচিত। পাৰমাণবিক কণিকাবোৰক নাম দিয়া হ’ল: ‘ফার্মিয়ান’। ১৯২৯ চনত মাত্র ২৮ বছৰ বয়সতে ফার্মিয়ে ইটালীৰ বিজ্ঞানৰ অগ্রগামী অনুষ্ঠান ৰয়েল অকাডেমীৰ সদস্য হয়।
ফার্মিয়ে কৃত্রিম তেজস্ক্রিয়তাৰ ওপৰত ভালেমান তথ্য আৱিষ্কাৰ কৰিছিল। প্রাকৃতিক মৌল পদাৰ্থৰ ভিতৰত ইউৰেনিয়ামতেই আটাইতকৈ বেছি ইলেকট্রন থাকে এই কথাটো প্রথমে তেৱেই ১৯৩৪ চনত তথ্যসহকাৰে প্ৰমাণ কৰিছিল। এই টেন্স ইউৰেনিয়াম মৌলৰ সন্ধান দি গৱেষণাৰ বাট মুকলি কৰাৰ কাৰণেই ফার্মিৰ প্রতিভাত মোহিত হৈ চুইচ অকাডেমীয়ে ১৯৩৮ চনত মাত্র ৩৭ বছৰ বয়সতে ফার্মিক পদার্থ বিজ্ঞানত বিশ্বৰ সন্মানীয় নোবেল বটা প্রদান কৰে। নোবেল পুৰস্কাৰ পোৱাৰ পাছত দুইচ অকাডেমীৰ আমন্ত্রণত্রমে ফামিয়ে পৰিয়লসহ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ কলম্বিয়া বিশ্ববিদ্যালয়ৰ
অধ্যাপকৰ কামত যোগদান কৰি গৱেষণাৰ কাম আৰম্ভ কৰে। ১৯৪১ চনত ফাৰ্মিৰ গৱেষক দলে চিকাগো বিশ্ববিদ্যালয়লৈ গৈ ব্যাপক হাৰত পৰমাণু বিভাজনৰ পৰীক্ষা কৰি সফল হয়। তাৰ পাছত ফার্মিয়ে উৰ্ঘাটন কৰে পাৰমাণবিক শজিক নিয়ন্ত্রণ কৰাৰ উপায়। বিয়েক্টৰ যন্ত্ৰৰ সহায়ত এই শক্তি নিয়ন্ত্রিতভাৱে উৎপন্ন কৰা হয়। দ্বিতীয় মহাসমৰ চলি থকা অৱস্থাত এই ৰিয়েক্টৰৰ কাম অতি গোপনে কুৰিজন বিজ্ঞানীৰ বাহিৰে আন কোনেও গম নোপোৱকৈ কৰিবলগা হৈছিল। গৱেষণাগাৰটোৰ নাম থৈছিল ‘মেটালোজিকেল গৱেষণাগাৰ’ (Metallurgical Laboratory) আৰু বিজ্ঞানীসকলেও ) ছদ্মনাম লৈহে কামত আগবাঢ়িছিল। ৰিয়েক্টৰৰ সহায়ত কৰা কামবোৰ অতি কম খৰচতে হোৱাৰ লগতে ই ভয়ংকৰ ধ্বংসলীলা সৃষ্টি কৰিব পাৰে। উল্লেখযোগ্য যে ফামিয়ে যদিও পাৰমাণবিক বোমা নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিছিল তথাপিও সেই বোমা বিস্ফোৰণৰ ফলত হ’ব পৰা ক্ষয়ক্ষতিৰ কথা ভাবি তেওঁ আতংকিত হৈ পৰিছিল।
এজন বিশিষ্ট বিজ্ঞানীৰ থাকিবলগীয়া অসাধাৰণ প্ৰতিভাৰ উপৰি ফার্মিৰ আছিল সকলোকে আকর্ষণ কৰিব পৰা বিশাল ব্যক্তিত্ব। ১৯৪৬ চনত ফার্মিয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে। ইয়াৰ পাছত চিকাগোৰ ইনষ্টিটিউট । অৱ নিউক্লিয়াছ ষ্টাডিজ নামৰ অনুষ্ঠানটোৰ অধ্যাপক হয়। তদুপৰি আমেৰিকাৰ পাৰমাণৱিক শক্তি আয়োগে’ ১৯৫৪ চনত ফার্মিক ২৫ হেজাৰ ডলাৰৰ এটা বিশেষ বঁটা প্ৰদান কৰে।

কিন্তু নিয়তিৰ কি যে পৰিহাস এই বঁটা লাভ কৰাৰ কেইদিনমানৰ পাছতে নিউক্লিয়াৰ ৰিয়েক্টৰৰ উন্নতি সাধনৰ কামত ব্ৰতী হৈ থাকোতেই ১৯৫৪ চনৰ ২৮ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ মাত্র ৫৩ বছৰ বয়সতে এনৰিকো ফার্মিয়ে ইহসংসাৰৰ পৰা বিদায় লয়। অৱশ্যে ফার্মিৰ নাম চিৰযুগমীয়া কৰিবৰ অর্থে আমেৰিকাৰ চৰকাৰে বিশিষ্ট পদার্থবিদসকলৰ সন্মানার্থে নোবেল পুৰস্কাৰৰ দৰে ‘এনৰিকো ফার্মি’ পুৰস্কাৰ প্ৰতি বছৰে প্রদান কৰি আহিছে।