জ্ঞানোদয়

New Logo

অন্ধবিশ্বাস, ডাইনী প্ৰথা

বিজ্ঞান পৰীক্ষা আৰু প্ৰমাণভিত্তিক নহ’লে অৰ্থহীন আৰু ত্ৰুটিপূৰ্ণ হৈ পৰে- কথাষাৰ কৈছিল মধ্যযুগৰ মানৱ মনীষা লিঅনাৰ্দ দা ভিন্সিয়ে৷ আপোনালোকো যাতে দেশৰ বৈজ্ঞানিক মানসিকতাপূৰ্ণ, অন্ধবিশ্বাসমুক্ত ভৱিষ্যতৰ সুনাগৰিক হৈ উঠে সেই কামনাৰে দুআষাৰ লেখিবলৈ লৈছো৷ আজি একবিংশ শতিকাতো আমাৰ সমাজখন অন্ধবিশ্বাস কুসংস্কাৰ, ধৰ্মীয় গোড়ামিৰ পৰা মুঠেও মুক্ত হৈ উঠা নাই৷ আমাৰ দেশতো অলেখ কু-সংস্কাৰ বৰ্তি আছে৷ যেন আমি মধ্যযুগলৈহে গৈ আছো ক্ৰমে ক্ৰমে৷ আমাৰ দেশত এতিয়াও য’তে ত’তে নিজকে অলৌকিক শক্তিসম্পন্ন বুলি দাবী কৰা স্বয়ম্ভু ভগৱানৰ আবিৰ্ভাব হয়৷ ভূত-প্ৰেত, যখিনী, দ’তৰ বিশ্বাস এতিয়াও তীব্ৰ হৈয়ে আছে৷ দূৰদৰ্শনৰ কেতবোৰ বজৰুৱা ধাৰাবাহিকেও এনে অন্ধবিশ্বাস প্ৰৱলভাবে বিকশাই দিছে৷ প্ৰকৃততে এই বিশ্বব্ৰহ্মাণ্ডত অতি প্ৰাকৃতিক কোনো শক্তিৰেই অস্তিত্ব নাই৷ মহান বৈজ্ঞানিকসকলৰ বেছিভাগেও অতি প্ৰাকৃতিক শক্তিক অস্বীকাৰ কৰে৷ আজিৰ তাৰিখৰ এটা প্ৰবল অন্ধবিশ্বাস হৈছে ডাইনী বিশ্বাস ৷ অসমৰ চুকে-কোণে আজি ডাইনী হত্যা নিৰ্মমভাবে চলি আছে৷ সেয়ে এই লেখাত আপোনালোকক ডাইনী বিদ্যাৰ বিষয়ে কিছু বৈজ্ঞানিক ধাৰণা দিবলৈ চেষ্টা কৰিছো৷


ডাইনী বিদ্যা মানে ডাইনী বুলি জনাজাত লোকৰ দ্বাৰা কৰা যাদুবিদ্যাৰ প্ৰয়োগ৷ বেয়া কামত ব্যৱহৃত যাদুক কলা যাদু (Black Magic) আৰু ভাল কামৰ হকে ব্যৱহৃত যাদুক বগা যাদু (White Magic) বুলি কোৱা হয়৷ ডাইনী বিদ্যা প্ৰয়াগে কৰাতো মানুহেবাৰে নিজকে অতিমানবীয় শক্তিৰ অধিকাৰী বুলি ভাবে৷ সাধাৰণভাবে ডাইনী মানে সেই তিৰাতোসকলক বুজা যায়, যিসকলে অতি মানৱীয় বা অলৌকিক শক্তিক আত্মা বা চয়তানৰ দ্বাৰা প্ৰয়োগ কৰে৷ এই ডাইনীবােৰে বিভিন্ন মানুহৰ গাত লম্ভে, তেনে ডাইনীৰ দ্বাৰা প্ৰভাৱিত লোকৰ নানান কঠিন বেমাৰ আদি হয় বুলি ভবা হয়৷ ডাইনীবোৰৰ উৰিব পৰা শক্তি থকা বুলিও ভবা হয়৷ মানৱ সভ্যতাৰ আৰম্ভনিৰে পৰাই ডাইনীতন্ত্ৰৰ আৰম্ভনি বুলি ক’ব পাৰি৷ কোনাে কোনাে ইতিহাসবিদে ডাইনীতন্ত্ৰক প্ৰাচীন লোক অনুষ্ঠান হিচাপে গণ্য কৰিছিল৷ ইউৰোপ মহাদেশত ডাইনী বৃত্তিৰ আৰম্ভনি হৈছিল যদিও কেতিয়া হৈছিল সি বিতৰ্কিত৷ ইউৰাপেৰ ডাইনী প্ৰথাৰ কথা ক’বলৈ গ’লেই অনিবাৰ্যভাবে আহি পৰে বৃটেইনৰ ডাইনী চৰ্চা৷


যুগে যুগে সমাজে অতি নিষ্ঠুভাবে ডাইনী হত্যা কৰি আহিছে৷ এইটো অনুমান কৰা হৈছে যে ১৪৮৪ চনৰ পৰা ১৭৮২ চনলৈ ইউৰাপেত ৩,০০০,০০ নাৰীক ডাইনী সন্দেহত মৃত্যুদণ্ড যঁচা হৈছে৷ অথচ এইসকল আছিল নিৰীহ লোকহে৷ উনবিংশ শতিকাৰ দ্বিতীয় ভাগত ডাইনী বৃত্তি কিছু বাঢ়ি যায়৷ প্ৰেতাত্মা আৰু চয়তানৰ দ্বাৰা অলৌকিক শক্তিৰ অধিকাৰী বুলি আজিৰ দাইনিয়েও দাবি কৰে৷ আজিকালিৰ ডাইনীসকলে তেওঁলাকেৰ ‘অলৌকিক শক্তি’ক ভালৰ বাবেহে খটুওৱা বা ব্যৱহাৰ কৰা বুলি দাবি কৰে৷

অন্ধবিশ্বাস


বেছিভাগ ডাইনীক আধুনিক মনােবিজ্ঞানে মানসিক ৰাগেী আখ্যা দিছে৷ জীৱনৰ নানান সমস্যাত জৰ্জৰিত হৈ তেওঁলােকে চয়তান বা অশৰীৰী শক্তিৰ অনুগ্ৰহ বা ক্ষমতা লাভ কৰে বুলি ভ্ৰান্ত ধাৰণা কৰে৷ ৰেজিনন্দ স্কত নামৰ বিশ্ববিদ্যালয়ৰ পণ্ডিত এজনে মানসিক ৰাগেৰ প্ৰতি মানুহৰ ভুল বিশ্বাস আৰু অবিচাৰৰ বিষয়ে আলাচেনা কৰি নামৰ পুথিত সাহস আৰু দৃঢ়তাৰে ডাইনী বিদ্যাৰ বিষয়ে লিখিছিল- “এই দুৰ্ভগীয়া তিৰাতোবোৰ বিষণ্ণতা ৰোগত ভোগা ৰোগী৷ এই ৰোগত মগজুৰ বিকৃতি ঘটে, বিচাৰ-বুদ্ধি লাপে পায়৷ ফলত তেওঁলাকেৰ কথা-বতৰা, ব্যৱহাৰ-পাতি আৰু চিন্তা-চৰ্চা অস্বাভাৱিক হৈ পৰে৷ মন কৰিবলগীয়া যে মানসিক ৰাগেৰ প্ৰভাৱ পুৰুষতকৈ নাৰীৰ ওপৰত অবিশ্বাস্যভাবে বেছি৷ এনে মানুহে নিজকে ডাইনী বুলি কল্পনা কৰে আৰু ভ্ৰমবশতঃ ভূতবিদ্যাৰ দ্বাৰা অনেক আ(ৰ্যজনক ঘটনা সংঘটিত কৰিব পাৰে বুলি কৈ ফুৰে৷ আন কিছুমানে মানসিক ৰোগত আক্ৰান্ত হৈ অনেক অদ্ভুত কাণ্ড-কাৰখানা দেখা বুলি দাবী কৰে৷

চয়তানৰ পৰা শক্তি পাই এনে ডাইনীয়ে বানপানী, অনাবৃষ্টি, মহামাৰী সংঘটিত কৰিব পাৰে, শস্য পথাৰ নষ্ট কৰিব পাৰে, অপ্ৰিয়জনক নপুংসক কৰিব পাৰে, শূন্যত বিচৰণ কৰিব পাৰে, ইচ্ছামতে অদৃশ্য হ’ব পাৰে, জন্তুৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিল৷ এনে অন্ধবিশ্বাসৰ পৰা মাৰ্কিন লুথাৰৰ দৰে ব্যক্তিও মুক্ত নাছিল৷ মানসিক ৰোগী ডাইনীবাৰেৰ কু-কৰ্মৰ ফলতেই প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, শস্যনাশ আদি হয় বুলি দেশৰ নেতা, জনসাধাৰণ আৰু ধৰ্মগুৰুসকল চিন্তাত আচ্ছন্ন হৈছিল৷ মানসিক ৰোগত ভোগা অনেক ৰোগীয়ে আকৌ সেই সময়তে নিজকে ডাইনী বুলি ঘাষেণা কৰিবলৈ লয়৷

তেতিয়া সৰ্বসাধাৰণে দুগুণ উৎসাহেৰে ডাইনী হত্যাৰ কাম চলাই যায়৷ মধ্যযুগত হাজাৰ হাজাৰ মানুহক ডাইনী বুলি সন্দেহ কৰি অবৰ্ণনীয় অত্যাচাৰেৰে হত্যা কৰা হৈছিল৷ সেই সময়ত অলপ সন্দেহ হ’লেই কোনো লোকক ডাইনী আখ্যা দি অত্যাচাৰ কৰাটো দৈনন্দিন ঘটনা হৈ পৰিছিল৷ ডাইনী সন্দেহ কৰা মানসিক ৰাগেীজন শি১২৬েদ কৰি, ফাচী দি বা জীয়াই জীয়াই পুৰি মৰা হৈছিল৷ এইদৰে হাজাৰ হাজাৰ মানসিক ৰোগীৰ লগতে অসংখ্য সুস্থ মানেুহা ডাইনী চিকাৰৰ বলি হৈছিল৷ এজন ফ্ৰান্স দেশীয় বিচাৰক তেওঁৰ ষোল্ল বছৰীয়া চাকৰিৰ কালচোৱাত আঠশজনী ডাইনীক জীয়াই জীয়াই পুৰি হত্যা কৰা বুলি দম্ভৰে কৈছিল৷ ১৫১৫ চনত জেনেভাত পাঁচ শতাধিক ডাইনীক পুৰি মৰ হৈছিল৷ ফ্ৰান্সৰ বীৰাংগনা ১৯ বছৰীয়া জোৱান অৱ আৰ্কক ডাইনী সন্দেহত জ্বলাই দিয়া হৈছিল৷

প্ৰিয় পাঠকসকল, আজিৰ অসমতো অতি সঘনাই, অতি নিৰ্মমভাবে ডাইনী হত্যাৰ ঘটনাবাৰে চলি আছে, প্ৰতিদিনে বাতৰি কাকতত আমি পাই আছো ডাইনী হত্যাৰ লোমহৰ্ষক খবৰ৷ আচলতে এয়া মনোৰোগী মহিলাৰ প্ৰতি অজ্ঞ, কুসংস্কাৰীসকলৰ নিৰ্মম-নিৰ্দয়, অবিচাৰহে৷ সেয়ে আমি সকলোৱে মিলি এখন নিৰ্মল, নিকা, অন্ধবিশ্বাসমুক্ত বিজ্ঞানমনস্ক সমাজ গঢ়িবলৈ, আমাৰ এই মৰমৰ দেশখন মহৎ জীৱনবোধ আৰু মানবীয় মূল্যৰে আলোকিত কৰিবলৈ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব, দৃঢ়-বলিষ্ঠভাবে সত্যৰ সপক্ষে থিয় দিবই লাগিব৷ আহক তেনেহ’লে সমস্ত অন্যায় দুৰ্নীতি, অন্ধবিশ্বাস, কু-সংস্কামুক্ত সমাজৰ বাবে এক নতুন ৰৌদ্ৰোজ্জ্বল পুৱাৰ বাবে হাতত ধৰাধৰিকৈ আগবাঢ়ি যাওঁ৷

#অন্ধবিশ্বাস

@Gyanodaya

1 thought on “অন্ধবিশ্বাস, ডাইনী প্ৰথা”

Leave a Comment

Your email address will not be published.

error: Content is protected !!