জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

উদ্দেশ্য বিহীন

উদ্দেশ্য বিহীন

লক্ষ্য বিহীন যাত্ৰা হ’ব খোজোঁ

উদ্দেশ্যে বিহীন কাহিনী হ’ব বিচাৰোঁ

নেলাগে দিব একো পৰিণাম –

মাথো হ’ব বিচাৰোঁ অন্তহীন অনুভৱ

দিব বিচাৰোঁ সীমাহীন মৰম

ঠিক নীলা আকাশৰ দৰে –🥀

প্ৰতিটো সময়তে থাকিব বিচাৰোঁ তোমাৰ লগত

আঁতৰাব খুঁজিলেও আঁতৰাব নোৱাৰাকে,

ঠিক তুমি কথা কওঁতে

ভূল হোৱা শব্দবোৰৰ দৰে –😁

জীৱন ডায়েৰীৰ প্ৰতিখিলা পৃষ্ঠা

নহ’ব পাৰে তোমাৰ নামেৰে

কিন্তু আটাইতকৈ ভাল লগা পৃষ্ঠাবোৰ

পূৰণ হওঁক তোমাৰ স্মৃতিৰে।

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: