জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

তোমাৰ কথা

আজিও মনত পৰে তোমাৰ কথা

তোমাৰ মৰম লগা হাঁহিটোৰ কথা ,

বুকুৰ একুণত সংগোপনে ৰাখিছোঁ

তোমাৰ সেই মিচিককৈ মৰা হাঁহিটো

থৈছোঁ সাঁচি তোমাৰ অভিমান বোৰো ।

ফাগুনৰ মলয়া জাকেও কৈ যায়

তোমাৰ কথা

দি যায় মনৰ বতৰা ।

শৰতৰ শেৱালিৰ সুৱাসতো  পাওঁ

তোমাৰ অনুভূতি ।

এনে লাগে যেন প্ৰতিটো পাহিতে থাকে

তোমাৰ হাঁহি ,

প্ৰতিজাক মলয়াতে থাকে

তোমাৰ অনুভূতি,

অনুভৱ হয় মৰহি যোৱা পাহিটো যেন

ফুলি উঠিব তোমাৰ পৰশতে,

শিহৰণ জগাই তোলা মলয়া জাকো

যেন আহিব তোমাৰ লগতে ।

আৰু কাণে  কাণে কবহি তোমাৰ কথা

সজীৱ কৰি তুলিব আকৌ

তোমাক পোৱাৰ আশা ।

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: