জ্ঞানোদয়

New Logo
অনুভৱ

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ

আশা কাৰ নাথাকে সকলোৰে আশা থাকে । ফাগুনৰ পচোৱাই নাঙঠ কৰি যোৱা বিৰিখৰো আশা আছে ন কৈ সজাল ধৰি ন-কইনা জনী হৈ ৰঙালিৰ মাদকতা আদৰাৰ আশা……..।ফুটপাথত জড় হৈ পৰি থকা মগনিয়াজনৰো কত যে আশা কোনে জানে আন নহলেও ফটা কামিজটোৰ সৈতে আৰু দুদিন জীয়াই থকাৰ আশা । সিদিনা লুইতৰ পাৰত ৰৈ থাকোতেই ভাবিছিলো উজ্জ্বলতাৰ অহংকাৰত মাতাল বেলিটোৱেও পশ্চিমৰ দেশলৈ যোৱাৰ আগত খন্তেক জিৰাবলৈ মন নকৰেনে ।

হয়তো তাৰো আশা থাকিব পাৰে আৰু খন্তেক ৰৈ পূবৰ আকাশত গজি উঠা কাচি জোনটোৰ সৈতে আভিমানৰ কথা পাতিবলৈ নিজৰ উজ্জ্বলতাৰ গুণ গাবলৈ হয়তো… তাৰেই ৰঙত হেঙুলী হৈ থকা নদীখনক হেঁপাহ খেদি চাবলৈ নে ঐনিতমৰ ৰাগিত মাতাল পালতৰা নাওঁবোৰৰ ভটিয়নি সুঁতৰ লগত হোৱা যুঁজ চাবলৈ । হয় আশা সকলোৰে  থাকে ….কাঞ্চনমতীৰ পাৰত বগা শিল চতাত ৰৈ চন্দন আৰু গৌৰীয়েও কিমান যে আশা কৰিছিল।

 

সপোনৰ দেশখন পুনৰ গঢ়ি তুলাৰ আশা,দুখবোৰ সুখ কৰি তোলাৰ আশা ,,, কত যে আশা । সঁচাই আশাই মানুহক মৰিও মৰিব নিদিয়ে ।আশা আছে বাবেই জীৱন আছে ।
(প্ৰিয় কিতাপখনৰ পৰা পোৱা কিছু অনুভৱ ।# অসীমত যাৰ হেৰাল সীমা)

Leave a Comment

Your email address will not be published.

error: Content is protected !!