জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet

    

নাজিম হিকমত Nazim Hikmet
Image Courtesy: Nazim Hikmet Poetry Festivel

পৃথিৱীৰ যিসকল কবিয়ে নিজৰ জীৱন, আদৰ্শ আৰু কাব্য উৎসৰ্গা কৰিছিল কেৱল স্বদেশ আৰু স্বজাতিৰ হকে তথা মানৱতাৰ জয়গানেই যাৰ জীৱন আৰু কবিতাৰ মূলমন্ত্র আছিল তেনে এগৰাকী বিশ্ববিশ্ৰুত কবি হ’ল নাজিম হিকমত। সচাকৈ, স্বদেশৰ প্রতি অপৰিমেয় ভালপোৱাৰে সিক্ত নাজিম হিকমতৰ কবিতা যিদৰে আদৰণীয় তাতোকৈও বহু বেছি আদৰণীয় তেওঁৰ উৎসর্গিত জীৱনৰ আদর্শ।

         শ্ৰদ্ধাৰ পঢ়ুৱৈসকল, প্রসিদ্ধ তুর্কী কবি নাজিম হিকমতৰ নাম আপোনালোকৰ কোনো কোনোৱে হয়তো শুনিছে, হয়তো বহুতৰ বাবেই এইগৰাকী কবি  অজানা । সি যি কি নহওক, মই আশা কৰিছো , এই লেখনীত যেতিয়া কবি গৰাকীৰ বিষয়ে পঢ়িব তেতিয়া আপোনালোকৰ সুকোমল হৃদয়ৰ অনুভুতিৰে স্মৰণ কৰিব তেওঁৰ অতুলনীয় সংগ্রামৰ কথা — যি সংগ্রাম আছিল শোষণ-নির্যাতন, ন্যায়-অবিচাৰৰ বিৰুদ্ধে। মানৱতাৰ হকে তেওঁ চলাইছিল অন্তহীন যুঁজ।

         ফুল – তৰা – গানেৰে ভৰা এই পৃথিৱীখন সৃষ্টিকর্তাই কিমান সুন্দৰকৈ গঢ়িছে, নহয়নে বাৰু ? অথচ , এইখন পৃথিৱীতে জীৱশ্রেষ্ঠ মানুহৰ হাতত গঢ় লৈছে অন্যায়  শোষণ-নির্যাতনৰ সৌধ। মানুহৰ হাততে বিপন্ন হৈছে মানুহৰ জীৱন। আৱহমান কালৰে পৰাই মানৱ ইতিহাসত পোৱা যায় বলীয়ে নিৰ্বলীৰ ওপৰত চলাই অহা শোষণ – নিযার্তন  অন্যায় – অবিচাৰৰ উদাহৰণ। সমাজৰ এনেকুৱা অমানৱীয় কার্যই বিচলিত কৰা বহু মানৱ – দৰদী লোকৰ উদাহৰণো আমি পাওঁ । নাজিম হিকমত তেনে এগৰাকী ব্যক্তি আছিল — যাক কোৱা হয় মেহনতী মানুহৰ বুকুৰ কুটুম আৰু অন্যায় – অবিচাৰৰ বিৰুদ্ধে দীপ্ত প্রতিবাদৰ এক মূর্ত প্রতীক।

      ১৯০২ চনত নাজিম হিকমতৰ জন্ম হৈছিল | বৰ্তমানৰ গ্ৰীচ দেশৰ অন্তৰ্গত ‘ট্যুছালনিকি’ নামৰ ঠাই তেওঁৰ জন্মস্থান আছিল। তেতিয়া সেই ঠাইখন অটোমান তুর্কী সাম্রাজ্যৰ অন্তর্ভূক্ত আছিল আৰু ঠাইখনৰ নাম আছিল ‘ছালানিকা’। জন্মসুত্রে তেওঁ আছিল এক অভিজাত পৰিয়ালৰ সন্তান । তেওঁৰ পিতৃ অটোমান চৰকাৰৰ এগৰাকী উচচপদস্থ বিষয়া আছিল । নাজিমে অতি সুখ – স্বাচ্ছন্দৰে তুৰস্কৰ অন্যতম প্রধান অঞ্চল আনাটোলিয়াত তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল। আনাটোলিয়াত নাজিমে নৌ- বিভাগৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল । পাছত ৰাছিয়ান মস্কো বিশ্ববিদ্যালয়ত তেওঁ ৰাজনীতি আৰু অথনীতি বিজ্ঞান অধ্যয়ন কৰে আৰু এই সময়তেই তেওঁ মার্ক্সবাদৰ প্রতি অনুৰক্ত হৈ পৰে। মার্ক্সবাদৰ ওপৰত ৰচিত বিভিন্ন মূল্যবান গ্ৰন্থৰাজি নাজিমে গভীৰ ভাৱে অধ্যয়ন কৰে আৰু ছাত্ৰাৱস্থাতে নিজকে এজন মানৱদৰদী প্রকৃত মার্ক্সবাদীৰূপে গঢ়ি তোলে।

শিক্ষা সাং কৰি তেওঁ যেতিয়া তুৰস্কলৈ উভতি আহে, তেতিয়া তুৰস্কৰ ওপৰেদি ইতিমধ্যে দুটা প্ৰৱল ধুমুহা পাৰ হৈ গৈছিল। – প্রথম বিশ্বযুদ্ধ আৰু গ্ৰীচ দেশৰ সৈতে যুদ্ধ। এই ধুমুহাৰ পাছত তুৰস্কত চুলতানী শাসনৰ অৱসান ঘটে আৰু নতুন চৰকাৰ গঠন হয়। নতুন চৰকাৰৰ দ্বাৰা শাসিত তুস্কত নাজিমে লেখক হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে। ১৯২৪ চনৰ পৰা তেওঁ বিভিন্ন পত্রিকা , আলোচনী আদিত কাম কৰিবলৈ লয় আৰু এইবোৰৰ যোগেদি ব্যাপক হাৰত তেওঁ সমাজবাদী আদৰ্শৰ প্ৰচাৰ কাৰ্য চলাবলৈ ধৰে।

       দীর্ঘদিন ধৰি চলাই যোৱা নাজিমৰ এই কার্য কলাপে শাসকগোষ্ঠীক আতংকিত কৰি তোলে আৰু তাৰ ফলস্বৰূপে তেওঁ ভোগ কৰিব লগা হয় পাশৱিক নির্যাতন। তুর্কী নৌ বাহিনীক বিদ্রোহ কৰিবলৈ উচতাই দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি নাজিমক বন্দী কৰা হয় আৰু এখন যুদ্ধ জাহাজত এই বিষয়ে বিচাৰ কৰা হয়। কিন্তু বিচাৰৰ নামত ভেকো ভাওনা চলাই নাজিমৰ দেহৰ ওপৰত চলোৱা হয় পাশৱিক অত্যাচাৰ । জাহাজৰ মলমূত্ৰৰ মাজত আঠুৰ ওপৰলৈকে ডুবাই তেওঁক দীর্ঘদিন বন্দী কৰি ৰখা হয় । কিন্তু ইমানবোৰ নাৰকীয় নির্যাতন সহিব লগা হৈও বিপ্লৱী কবি নাজিমে তেওঁৰ আদৰ্শৰ পৰা তিলমাত্রও বিচ্যুত নহ’ল।

তেওঁৰ দেশৰ চৰকাৰে তেওঁক সুদীর্ঘ ওঠৰ বছৰ ধৰি বন্দী কৰি ৰাখিছিল আৰু এনেকৈয়ে সুদীর্ঘ দিনৰ কাৰাবাসৰ অন্তত ১৯৫১ চনত নাজিমে চিৰদিনৰ বাবে তেওঁৰ প্ৰাণৰ, সপোনৰ তুৰস্ক ত্যাগ কৰি ছোভিয়েট ৰাছিয়ালৈ গুছি যায় । তেতিয়াৰে পৰা মৃত্যুৰ সময়লৈকে তেওঁ ৰাছিয়া আৰু পূব -ইউৰোপৰ দেশবোৰত সাম্যবাদী আদৰ্শৰ হকে কাম কৰি যায় । বিদ্ৰোহৰ জ্বলন্ত অগ্নিশিখা আৰু দেশপ্রেম তথা মানৱ প্ৰেম এই দুয়োটাই নাজিম হিকমতৰ কবিতাত প্রজ্বলিত হৈছিল। শোষণ-নির্যাতন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্রতিবাদৰ স্ফুলিংগ উজ্জ্বলি উঠিছিল তেওঁৰ কবিতাৰ প্ৰতিটো বর্ণতে।

         ১৯৩৬ চনত প্রকাশিত হৈছিল তেওঁৰ মহাকাব্যিক পুথি ‘শ্বেখ বেদ্রেদ্দিন দেস্তানী ‘। এই পুথিখন তেওঁ নামকৰণ কৰিছিল পঞ্চদশ শতিকাৰ আনাটোলিয়াৰ এক বিপ্লৱী ধর্ম – সংস্কাৰক শ্বেখ বদৰুদ্দিনৰ নামেৰে । সেই একে বছৰতে তেওঁৰ অন্য এখন মহাকাব্যিক পুথি ‘মেমলেকাটিমদেন ইনজন মাৰ্জাৰালাৰি’ প্রকাশ পায়। অসমীয়া তর্জমাত এই পুথিৰ নাম – ‘মোৰ দেশৰ মানুহৰ ছবি ‘। এই কাব্যগ্রন্থখন বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদৰূপে আজিও সমাদৃত।

          নাজিম হিকমতৰ ৰচনাৱলী তুৰস্কত নিষিদ্ধ কৰা হৈছিল । কিন্তু ওপৰোক্ত কাব্য গ্রন্থ দুখন ১৯৩৬ চনত প্ৰকাশ হোৱাৰ পাছতেই সমগ্র পৃথিৱীতে এই দুখনৰ খ্যাতি বিয়পি পৰে। সমগ্ৰ বিশ্বৰ সাৰস্বত সমাজে তেওঁৰ জীৱন আৰু কবিতাক প্ৰাণৰ উমেৰে সাৱটি লয় । নাজিম হিকমত হৈ পৰে বিশ্বৰ খাটি খোৱা আৰু নিপীড়িত জনতাৰ প্ৰাণৰ কবি। তেওঁৰ কবিতা সমুহ ব্যাপক হাৰত পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হ’বলৈ ধৰে আৰু জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে । ওপৰোক্ত গ্রন্থকেইখনৰ বাহিৰেও হিকমতৰ অন্যান্য কাব্যগ্রন্থ সমূহ হ’ল — ইংৰাজীলৈ অনুবাদ হোৱা ‘চিলেকটেড পয়েমছ’, ‘দি মস্কো চিম্ফনী ‘,দা দে বিফ’ৰ তুমৰু’ আৰু ‘থিংছ আই দিদ্’ন্ট ন’ আই লাভদ’, আদি। এই পুথিসমূহো বহুজন পঠিত আৰু সমাদৃত।

           ১৯৬৩ চনৰ জুন মাহৰ ২ তাৰিখে কুৰি শতিকাৰ এইগৰাকী নির্যাতিত কবি তথা তুর্কী সাহিত্য জগতৰ উজ্জ্বলতম নক্ষত্র নাজিম হিকমতৰ মৃত্যু হয় ছোভিয়েট ৰাছিয়াৰ মস্কো মহানগৰীত । কিন্তু তেওঁ আজিও জীয়াই আছে জনতাৰ প্ৰাণত । আহক খন্তেকৰ বাবে আমিও স্মৰণ কৰোঁ ন্যায় আৰু মানৱতাৰ পূজাৰী কবি নাজিম হিকমতক।

Nazim Hikmet

বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: