জ্ঞানোদয়

New Logo
Azadi ka Amrit Mahotsav

মায়াৱী ঘোঁৰা Elusive Horse — a Russian short story

মায়াৱী ঘোঁৰা Elusive Horse

এজন বুঢ়াৰ তিনিজন পুতেক আছিল। ডাঙৰ পুতেক দুজন আছিল অতি কৃপণ। কুবেৰ বুলি ক’লেও বেছি কোৱা নহয়। তৃতীয় পুত্র ইভান পিচে তেনে নাছিল। সি দিনৰ দিনটো জুহালৰ গুৰিত বহি কটাইছিল আৰু মন গলে কেতিয়াবা কাঠফুলা বিচাৰি হাবিলৈ গৈছিল।

বুঢ়াই মৰিবৰ সময়ত তিনিও পুতেকক কাষলৈ মাতি আনি ক’লে-“বোপাইহঁত, মই মৰাৰ পিছৰ তিনি নিশা তহঁত তিনিওটাই প্রতি নিশাই এজন এজনকৈ মৰিশালিলৈ যাবি আৰু লগত যথেষ্ট পৰিমাণে খোৱা বস্তুও লৈ যাবি।”

এদিনাখন বুঢ়া মৰিল। কবৰো দিয়া হ’ল। সেই নিশা মৰিশালিলৈ যোৱা পাল পৰিল বুঢ়াৰ ডাঙৰ পুতেকৰ। সি যেনে কৃপণ তেনে এলেহুৱা আৰু ভয়াতুৰ আছিল। সেয়ে সি মুৰ্খ ইভানক ক’লে– “ইভান তই যদি আজি মোৰ হৈ পিতাৰ মৰিশালিলৈ যাৱ, তেনেহ’লে তোক মৌৰ পিঠা এটা কিনি দিম।”

ইভান তৎক্ষণাৎ মান্তি হ’ল। কিছু ৰুটি আৰু মাখন লৈ সি দেউতাকক কবৰ দিয়া মৰিশালিলৈ গ’ল। মৰিশালিটোৰ ওচৰতে বহি কি ঘটে তাকে চাবলৈ ইভান ৰৈ থাকিল। মাজনিশা আৰম্ভ হোৱাৰ লগে লগে মৰিশালিৰ মাটিখিনি এফলীয়া হৈ গ’ল আৰু তাৰ মাজৰ পৰা দেউতাক ওলাই আহি মাত লগালে,— “কোন সেয়া? মোৰ বৰ পুত্র হয়নে? কচোন মোলৈ কি আনিছ? কুকুৰবোৰে বাৰু ভুকি আছে নেকি ? কুকুৰনেচীয়া বাঘববাৰে গুজৰি আছে নেকি? কেঁচুৱাবোৰে কান্দি আছে নেকি?”

ইভানে উত্তৰ দিলে-“হয় দেউতা, আপোনাৰ পুত্ৰ। ৰাছিয়াত সকলোবোৰ ঠিকে ঠাকে চলি আছে, সকলো শান্তিত আছে”।

তাৰ পাছত দেউতাকে বৰ তৃপ্তিৰে সি নিয়া ৰুটিখিনি খাই মৰিশালিত শুই পৰিল। ইভানেও ঘৰলৈ বুলি বাট ল’লে, অৱশ্যে বাটত কাঠফুলা গোটাবলৈ কেইবা ঠাইতো ৰ’ল।

ঘৰ আহি পোৱাত ককায়েকে সুধিলে — “দেউতাক দেখিলিনে?”

— “ওঁ দেখিলোঁ।” ইভানৰ উত্তৰ।

— “তই নিয়া ৰুটিখিনি খালেনে?”

— “ওঁ, খালে। অকণো নেৰাকৈ খালে।” ইভানে ক’লে।

দ্বিতীয় নিশাৰ কথা। সৰু ককায়েকেও আহি ইভানক খাটনি ধৰিলেহি দেউতাকৰ মৰিশালিলৈ যাবলৈ। কাৰণ সি ডাঙৰ ককায়েকতকৈও এলেহুৱা আৰু ভয়াতুৰ আছিল। সি ভায়েকক ক’লে— “ইভান তই যদি মোৰ হৈ মৰিশালিলৈ যাৱ তেনেহ’লে তোক ধুনীয়া জোতা এযোৰ দিম।” সি ভালেই পালে আৰু আগদিনাৰ দৰে ৰুটি লৈ মৰিশালিত দেউতাকৰ কাৰণে অপেক্ষা কৰিলেগৈ। আগদিনাৰ দৰে মাজ নিশা মৰিশালিৰ মাটি এফলীয়া কৰি দেউতাক উঠি বহিল আৰু আগদিনাৰ প্ৰশ্নকেইটাকে তাক পুনৰ সুধিলে। ইভানেও যথাযথ উত্তৰ দিয়াত দেউতাকে খাই-বৈ পুনৰ মৰিশালিত শুই পৰিল। দেউতাক শোৱাৰ লগে লগে ইভান ঘৰলৈ ঘূৰি আহিল। আহোতে বাটতে পাই কাঠফুলা কিছুমান লৈ আহিল।

তৃতীয় নিশা মৰিশালিলৈ যোৱাৰ পাল ইভানৰ নিজৰ । দুয়োটা ককায়েকক ক’লে, “দুয়ো দিনেই মই মৰিশালিলৈ গ’লো। আজি তোমালোকৰ পাল। মই আজি ঘৰত জিৰণি লম”।

তাৰ কথা শুনি দুয়োটা ককায়েকে একমুখে চিঞৰি উঠিল—“নহয় নহয় ইভান। তই যাবই লাগিব। কাৰণ এই দুদিন তই বেছ অভ্যস্ত হৈ গৈছ।”

ইভান পুনৰ যাবলৈ ওলাল। সি ৰুটি-মাখন লৈ মৰিশালিত উপস্থিত হ’লগৈ। আগৰ দুদিনৰ দৰে মাজনিশা মৰিশালিৰ মাটিখিনি এফলীয়া হ’ল আৰু দেউতাক উঠি বহিল, বহিয়ে দেউতাকে আগৰ দৰে প্রশ্নবোৰ কৰি গ’ল।

ইভানেও নিজৰ চিনাকি দি দেশত কেউফালে শান্তি বিৰাজ কৰি আছে বুলি জনালে। তাৰ পিছত দেউতাকে সি নিয়া আহাৰখিনি বৰ তৃপ্তিৰে খালে আৰু ক’লে— তয়েই মই কোৱামতে কৰিলি ইভান। তই মোৰ মৰিশালিলৈ আহিবলৈ ভয় নকৰি তিনি নিশা একেৰাহে আহিলি। এতিয়া তই মুকলি পথাৰলৈ গৈ ক’ব লাগিব— হে বাদামী ৰঙৰ ঘোঁৰা। মোৰ কথা শুনা আৰু আদেশ পালন কৰা। তোমাক মই মোৰ ওচৰলৈ আহ্বান জনাইছো। যেতিয়া ঘোঁৰাটো তোৰ আগত উপস্থিত হ’বহি তেতিয়া তই তাৰ কান্ধলৈ বগাই সোঁকাণেৰে সোঁমাই বাওঁকাণেৰে ওলাই যাবি। লগে লগে তই এজন সুন্দৰ যুৱক হৈ পৰিবি। তাৰপিছত ঘোঁৰাত উঠি যলৈ ইচ্ছা গুচি যাবি।”

ইভানে দেউতাকে দিয়া ঘোঁৰাটো লৈ দেউতাকক ধন্যবাদ জনাই ঘৰলৈ উভতি গ’ল। বাটত মাথোঁ অলপ সময় ৰৈ কাঠফুলা কিছুমান তুলি লৈ গ’ল। ঘৰ আহি পোৱাত ককায়েকহঁতে তাক দেউতাকক সি দেখিলেনে, দেউতাকে ভালকৈ খালেনে ইত্যাদি প্রশ্ন সুধিলে সিও আগৰ দৰে উত্তৰ দিলে।

হেন সময়তে সেই দেশৰ ৰজাই দেশে-বিদেশে এক আদেশ জাৰি কৰিলে যে সকলো অবিবাহিত, ধুনীয়া যুৱক ৰজাৰ দৰবাৰত হাজিৰ হ’ব লাগে। ৰজাৰ সুন্দৰী ৰাজকুমাৰীয়ে আদেশ দিলে, তেওঁৰ কাৰণে অতি সোনকালে ওক গছৰ কাঠৰ টুকুৰাৰে বামহলীয়া এটা অট্টালিকা সাজি দিব লাগে। তাৰ পিছত তেওঁ এটা পণ আগবঢ়াই ক’লে, যিজন যুৱকে তেওঁৰ তেজী ঘোঁৰাত উঠি অট্টালিকাটোৰ একেবাৰে ওপৰৰ খিৰিকীৰ কাষত বহি থকা ৰাজকুমাৰীক স্পর্শ কৰি চেনেহ যাচিব পাৰিব তেওঁকে ৰাজকুমাৰীয়ে বিয়া কৰাব আৰু যুৱকেও অর্ধৰাজ্য লাভ কৰিব।

এসপ্তাহ ঘোঁৰা চেকুৰাই পর্বত, পাহাৰ, হাবি, জংঘল অতিক্রম কৰি ইভানে ৰজাৰ আদালতত উপস্থিত হ’লগৈ। ৰাজপ্রাসাদ লোকে লোকাৰণ্য হৈ আছিল। বাৰমহলীয়া অট্টালিকাটোৰ একেবাৰে ওপৰত ৰাজকুমাৰীয়ে নিজৰ কোঠাৰ খিৰিকীৰ কাষত বহি আছিল। ৰজাই বাহিৰলৈ ওলাই আহি সকলোকে সম্বোধি ক’লে— “তোমালোকৰ মাজৰ যিজন যুৱকে খিৰিকীৰ কাষত বহি থকা মোৰ কন্যাক ইয়াৰ পৰা জঁপিয়াই স্পর্শ কৰিব পাৰিব, তেৱেঁই ৰাজকন্যাক বিয়া কৰাব পাৰিব আৰু মোৰ অৰ্ধৰাজ্য লাভ কৰিব।”

ৰাজকুমাৰীৰ পাণিপ্রার্থী যুৱকসকলে ইজনৰ পিছত সিজনকৈ ঘোঁৰাত উঠি জাপ মাৰিবলৈ চেষ্টা কৰিলে কিন্তু কোনো জয়ী হ’ব নোৱাৰিলে। ইভানৰ ককায়েকহঁতেও চেষ্টা কৰিলে যদিও সফল হ’ব নোৱাৰিলে।

এইবেলি ইভানৰ পাল পৰিল। সি বাদামী ৰঙৰ মায়াৱী ঘোঁৰাটো চেকুৰাই দিলে আৰু যিমান পাৰি সিমান ওপৰলৈ জাপ মাৰি দিলে। ৰাজকুমাৰীক চোওঁ চোওঁ হৈছিল যদিও চুব নোৱাৰিলে। দ্বিতীয়বাৰতো অকণমানতে সাৰি গ’ল। তৃতীয়বাৰত সি ৰাজকুমাৰীৰ কপাল স্পর্শ কৰিবলৈ সক্ষম হ’ল। ফলত ৰাজকুমাৰীৰ ছাব মোহৰ লগা আঙঠিয়ে তাৰ চেলাউৰিত আঘাত কৰাত এটা স্পষ্ট চিন ৰৈ গ’ল।

মানুহবোৰে চিঞৰি উঠিল— “ধৰা, ধৰা। তাক ধৰা।” কিন্তু ইভান আৰু মায়াৱী ঘোঁৰা ধূলিৰ লগত বিলীন হৈ গ’ল, কোনেও তাক ধৰিব নোৱাৰিলে।

ইভানে ঘোঁৰাসহ পুনৰ মুকলি পথাৰ পালেহি আৰু এইবাৰ ঘোঁৰাটোৰ বাওঁ কাণেদি সোমাই সোঁকাণেদি ওলাই যোৱাত সি পুনৰ আগৰ চেহেৰা লাভ কৰিলে। মায়াৱী ঘোঁৰাক মুক্ত কৰি সি এইবাৰ ঘৰ পালেহি। বাটত ৰৈ সি কাঠফুলা কিছুমান তুলি আনিলে। ঘৰ সোমাই কপালৰ ঘা-টুকুৰাত এখন ফটাকানি বান্ধি জুহালৰ ওচৰত আগৰ দৰে বহি থাকিল।

ইতিমধ্যে তাৰ ককায়েকহঁত ঘৰ পালেহি আৰু সিহঁত ক’লৈ গৈছিল কি দেখিছিল তাক সমস্ত বিৱৰি ক’লে। “ৰাজকুমাৰীৰ পাণিপ্রার্থী যুৱকসকল অতি ধুনীয়া আছিল কিন্তু তাৰ মাজৰে দেৱতাৰ নিচিনা ধুনীয়া যুৱক এজনে দুৰন্ত ঘোঁৰা এটাৰ পিঠিত উঠি জাপমাৰি ৰাজকুমাৰীক স্পর্শ কৰিলেগৈ ? আমি তেওঁক অহাহে দেখিলো ক’লৈ গ’ল নেদেখিলো আৰু।” ককায়েকহঁতে ক’লে।

“তোমালোকে দেখা যুৱকজন ছাগে ময়ে আছিলোঁ।” ইভানে ক’লে।

ককায়েকহঁতে খঙত জ্বলি-পকি উঠি ক’লে, “থ, থ, তোৰ বাজে কথাবোৰ। তই মাথো জুহালৰ ওচৰত বহি বহি কাঠফুলা খাই থাক।”

ইভানে কপালৰ বেণ্ডেজটো খুলি ৰাজকুমাৰীৰ আঙঠিৰ দাগটো দেখুৱালে। তৎক্ষণাৎ এক উজ্জ্বল চিকমিকনিয়ে ঘৰটো পোহৰাই তুলিলে। ককায়েকহঁতে ভয় খাই ক’লে, “কি কৰিছ মূৰ্খ ? তই দেখোন এতিয়া ঘৰটো পুৰি শেষ কৰিবি।” বিস্ময়ত সিহঁত অবাক হৈ ৰ’ল।

পিছদিনা ৰজাই ৰাজ্যৰ সকলো প্রজা, গণ্যমান্য ব্যক্তি, ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোককে তেওঁৰ প্রাসাদত আয়োজন কৰা ভোজলৈ মাতিলে। ইভানৰ ককায়েক দুটাও বাদ নপৰিল। ককায়েকহঁতৰ লগত ইভানে যাবলৈ ইচ্ছা কৰিলে। দুয়োটাই তাক ঠাট্টা কৰি ক’লে : তই জুহালত বহি থকাৰহে উপযুক্ত। তাতে বহি বহি কাঠফুলা খাই থাক।

সিহঁত ধুনীয়া ঘোঁৰাত উঠি ৰাজপ্রাসাদ অভিমুখে যাত্রা কৰিলে। পিছে পিছে ইভান খোজকাঢ়ি আগবাঢ়িল। অৱশেষত সি ৰাজপ্রাসাদ পালেগৈ আৰু কোনেও নেদেখাকৈ এচুকত বহি ৰ’ল। সুন্দৰী ৰাজকন্যাই অভ্যাগতসকলৰ মাজে মাজে ঘূৰি ফুৰিবলৈ ধৰিলে। ৰাজকন্যাৰ উদ্দেশ্য কাৰ চেলাউৰিৰ ওচৰত তাইৰ আঙুঠিৰ ছাপ ৰৈ গ’ল সেইটো প্রত্যক্ষ কৰা। অভ্যাগতসকলৰ মাজে মাজে ঘূৰি ফুৰোতে হঠাৎ এচুকত বহি থকা ইভানক ৰাজকন্যাৰ চকুত পৰিল। তাৰ মুখখন জুহালৰ এলান্ধুৰে আৱৰি আছিল। ৰাজকন্যাই সুধিলে তাক : তুমি কোন ? ক’ৰপৰা আহিছা? তোমাৰ চেলাউৰিৰ ওচৰত ফটাকানি লগাই থৈছা কিয় ?

— মই পৰি দুখ পাইছিলো। ইভানে উত্তৰ দিলে।

ৰাজকন্যাই ফটাকানিডোখৰ এৰুৱাই দিলে। তৎক্ষণাৎ এচমকা পােহৰে সমগ্র ৰাজপ্রাসাদটো পোহৰাই তুলিলে।

:মই বিচাৰি ফুৰা চিন দেখোন এইটোৱেই। আস! এইজনেই দেখোন মোৰ স্বামী।

ৰজা তৎক্ষণাৎ ইভানৰ ওচৰ পালেহি আৰু তাৰ মুখলৈ চাই ক’লে : কেতিয়াও নহয় আইজনী। এই এলান্ধুৰে আৱৰি থকা লেতেৰা মুখৰ ল’ৰাটো কেতিয়াও তোমাৰ স্বামী হ’ব নোৱাৰে।

এইবেলি ইভানে ৰজালৈ চাই ক’লে : মহাৰাজ, অনুগ্ৰহ কৰি মোক মুখখন ধুবলৈ দিয়ক।

ৰজাই লগে লগে তাক মুখ ধুবলৈ বাহিৰলৈ যাবৰ কাৰণে আদেশ দিলে। ৰজাৰ আদেশ পাই সি বাহিৰলৈ গ’ল আৰু দেউতাকে শিকোৱা মতে চোতালত গৈ চিঞৰিলে, “হে বাদামী ৰঙৰ ঘোঁৰা, মোৰ কথা শুনা আৰু তৎক্ষণাৎ আদেশ পালন কৰা । তোমাক মই মোৰ ওচৰলৈ আহ্বান জনাইছে।”

চকুৰ পচাৰতে বাদামী ৰঙৰ ঘোঁৰা খটখটাই আহি তাৰ সমুখত ৰ’লহি। সি আহহাতে তলৰ মাটি কঁপি উঠিল, তাৰ নাক আৰু কাণৰ বিন্ধাৰে ধোঁৱা ওলাবলৈ ধৰিলে। ইভানে তাৰ সোঁকাণেদি সোমাই বাওঁ কাণেদি ওলাই গ’ল। লগে লগে ইভান হৈ পৰিল এজন সুন্দৰ যুৱক। সি ইমান ধুনীয়া হৈ পৰিল যে তাৰ দৰে সুপুৰুষ এজন কোনেও কেতিয়াও সেই ঠাইত দেখাই নাছিল। তাক দেখাৰ লগে লগে প্ৰাসাদ উপিস্থত থকা সকলোৰে উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল।। তাৰ পিছত আৰু কোনেও একো কোৱাৰ প্রয়োজনেই নহ’ল। ইভা আৰু ৰাজকুমাৰীৰ বিয়া মহাসমাৰোহেৰে পাৰ হৈ গ’ল আৰু বিয়া উপলক্ষে এটি ডাঙৰ ভোজৰো আয়োজন কৰা হ’ল।

সংগ্ৰহ:
পৃথিৱীৰ সাধু — মায়াৱী ঘোঁৰা (Elusive Horse) — হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি — প্ৰকাশক- অসম শিশু সাহিত্য ন্যাস, বামুণীমৈদাম — মাৰ্চ ২০২০

সাধুটো পঢ়ি কেনে পালে comment কৰি জনাব।

এনেধৰনৰ ধুনীয়া ধুনীয়া সাধুসমূহ পঢ়ি থকিবলৈ আমাৰ লগত যোগ দিয়ক। Join Us

Leave a Comment

Your email address will not be published.

error: Content is protected !!
%d bloggers like this: